NORTHEAST NOW (Assamese)
অসম

মাজুলীত ভৰা ব্ৰহ্মপুত্ৰৰ মাজত ভয়ংকৰ নাও দুৰ্ঘটনা, শতাধিকৰ মৃত্যুৰ আশংকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 8, 2021 5:21 pm
Majuli111

এক ভয়ংকৰ নাও দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যকে।

আজি নিমাতীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ বুলি যাত্ৰা কৰিবলৈ সাজু হোৱাৰ সময়তে এখন নাও ভৰা ব্ৰহ্মপুত্ৰৰ মাজতে এখন জাহাজৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাত যাত্ৰীৰে ভৰি থকা নাও খন পানীত বুৰ যায়।

বিয়লি সংঘটিত এই ঘটনাত শতাধিক লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি কমলাবাৰী অভিমুখী নাও খনৰ সৈতে ব্ৰহ্মপুত্ৰৰ বুকুত টিপকাই নামৰ জাহাজ খনৰ মুখামুখী সংঘৰ্ষ লাগে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি নাও খনে বিয়লি ৪ বজাত যাত্ৰা আৰম্ভ কৰাৰ কথা আছিল যদিও টিপকাই নামৰ জাহাজ খন ঘাট আহি পোৱাত জাহাজ খন ৰখাবলৈ নাও খন ব্ৰহ্মপুত্ৰৰ কিছু মাজলৈ আঁতৰাই নিয়া হয়।

সেই সময়তে জাহাজ খনৰ সৈতে নাও খনৰ খুন্দা লাগি নাও খন বুৰ যায়।

নাও খন শতাধিক যাত্ৰী থকাৰ লগতে বহু কেইখন বাহনো আছিল বুলি জানিব পৰা গৈছে।

অধিক বাতৰিৰ বাবে অপেক্ষা কৰা হৈছে।