NORTHEAST NOW (Assamese)
অসম

মৃত্যুয়ে যেতিয়া মাতে, কোনেও একো কৰিব নোৱাৰে: শোকাবহ নাও দুৰ্ঘটনাক লৈ বিজেপি বিধায়কৰ অসংবেদনশীল মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 9, 2021 5:28 pm
Atul-Bora-BJP-750x375

মাজুলীৰ শোকাবহ নাও দুৰ্ঘটনাৰ পাছত মানুহৰ মনত সংবেদনশীল অনুভুতিয়ে ক্ৰিয়া কৰি থকাৰ মাজতে দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাই কৰা এক অসংবেদনশীল মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে।

বিধায়ক বৰাই শোকাবহ দুৰ্ঘটনাটোক লৈ মন্তব্য কৰিবলৈ গৈ কয় যে কম বেছি পৰিমানে সকলোৰে গাত দোষ আছিল। যাত্ৰীসকলৰো বহু পৰিমানে দোষ আছে। যাত্ৰী, জল পৰিবহন বিষয়াসকলৰ দোষৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

গোটেই ঘটনাটোক এক ভাগ্যৰ পৰিণতি বুলি ব্যাখ্যা কৰিবলৈ গৈ বিধায়কগৰাকীয়ে কয় যে দুৰ্ভাগ্য যেতিয়া আহে তেতিয়া কাকো দোষ দি লাভ নাই। তেওঁলোকক মৃত্যুৱে মাতিছে, ইয়াত কোনোৱে একো কৰিব নোৱাৰে।

তাৰ মাজতে বিধায়কগৰাকীয়ে অৱশ্যে মাজুলীত দলং নিৰ্মাণক লৈ কেন্দ্ৰীয় চৰকাৰে বিলম্ব কৰাৰ বাবেও আক্ষেপ প্ৰকাশ কৰে।

সেয়া যিয়েই নহওক, যিসময়ত ৰাজ্যবাসীয়ে এই শোকাবহ দুৰ্ঘটনাটোক লৈ ব্যথিত হৈ পৰিছে আৰু একেমুখে শীঘ্ৰেই মাজুলীত এখন দলঙৰ বাবে দাবী উত্থাপন কৰিছে, তেনে সময়তে বিজেপি বিধায়কগৰাকীয়ে ভাগ্যৰ দোহাই দি কৰা এক অসংবেদনশীল মন্তব্যই সকলোকে আচৰিত কৰি তুলিছে।