NORTHEAST NOW (Assamese)
অসম

হাজোত সাহসিকতাৰ পৰিচয় দি অপহৰণকাৰীৰ কৱলৰ পৰা পলাই আহিল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা September 10, 2021 1:13 pm
kk

তীৰ্থনগৰী হাজোত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড।

ঘৰৰ পৰা টিউচনলৈ অহাৰ পথত হাজোৰ কলিতাকুছিৰ পৰা অপহৰণকাৰীয়ে গাড়ীত তুলি লৈছিল এটি ১২বছৰীয়া ছাত্ৰক।

হাজো শনিয়াদিৰ ব্যৱসায়ী হজৰত আলীৰ পুত্ৰ গোলাম ৰছুলে আনদিনাৰ দৰে ঘৰৰ পৰা টিউচনলৈ অহাৰ পথত কলিতাকুছি চক’ত এখন বগা ৰঙৰ চাৰিচকীয়া বাহনত চাৰি যুৱকে বলপূৰ্বক উঠাই গুৱাহাটী অভিমুখে গতি কৰে।

তীব্ৰ বেগত গতি কৰা গাড়ীখন কলিতাকুছিৰ পৰা লখাইতৰা নদীৰ মথাউৰিৰে আহি হাজোৰ সুৰেণ দাস কলেজৰ ওচৰৰ এক নিৰ্জন ঠাইত গাড়ীখন ৰখোৱাত ছেগ বুজি অপহৰণকাৰীৰ কবলৰ পৰা পলাবলৈ সক্ষম হয় ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ গোলাম ৰছুলে।

এটি লুংলুঙীয়া পথেৰে ওলাই আহি শিশুটিয়ে হাজো-গুৱাহাটী পথৰ আস্থা ক্লিনিকত প্ৰৱেশ কৰি নিজৰ প্ৰাণৰক্ষা কৰে।

এই শিহৰণকাৰী অপহৰণকাণ্ডৰ সমগ্ৰ ঘটনা সন্দর্ভত বিৱৰি কলে কণমাণি ছাত্ৰ গৰাকীয়ে।

পিছত ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ অপহৃত শিশুটিক লৈ আৰম্ভ কৰিছে তদন্ত।

অতি শীঘ্ৰেই দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লগতে স্থানীয় লোকে।