NORTHEAST NOW (Assamese)
অসম

Kaziranga বন , আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া বনকৰ্মীৰ স্মৃতিত কাজিৰঙাতো বন ছহিদ দিৱস পালন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 12, 2021 7:29 am
kaziranga national park বন

kaziranga national park বন, আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া বনকৰ্মী সকলৰ স্মৃতিত শনিবাৰে দেশত বন ছহিদ দিৱস পালন কৰা হয় ৷ দেশৰ লগতে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বন ছহিদ দিৱস পালন কৰা হয় ৷

Kaziranga বন , কৰ্তব্যৰত অৱস্থাত মৃত্যু বৰণ কৰা বন ছহিদ সকলৰ স্মৰণত শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এক অনুষ্ঠানৰ আয়োজন কৰে ৷

অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখনত শেহতীয়াকৈ কৰ্মৰত অৱস্থাত মৃত্যু হোৱা বন ছহিদৰ চাৰিটা পৰিয়ালক সম্বৰ্ধনা জনোৱা হয় ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰাত থকা বন ছহিদ স্মৃতি উদ্যানত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলো বিষয়া-কৰ্মচাৰী সমবেত হৈ বন ছহিদ সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰিও কাজিৰঙাৰ সুৰক্ষাৰ বাবে কৰ্মৰত অৱস্থাতে প্ৰাণ আহুতি দিয়া বন ছহিদৰ পৰিয়ালক উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে ৷

অনুষ্ঠানত পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডিএফঅ’ ৰমেশ কুমাৰ গগৈৰ উপৰিও সকলো বিষয়া-কৰ্মচাৰীয়ে অংশ গ্ৰহন কৰে ৷

উল্লেখ্যে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ স্বাৰ্থত চিকাৰীৰ গুলীত ১৯৬৮ চনত প্ৰথমগৰাকী বনকৰ্মী বলোৰাম দত্ত ছহিদ হৈছিল।

বৰ্তমানলৈ ১৫৯ জন বনকৰ্মী বন্যপ্ৰাণীৰ দ্বাৰা বা আন কাৰণত আহত হোৱাৰ লগতে ৫০ জন বনকৰ্মীয়ে প্ৰাণ আহুতি দিছে।