NORTHEAST NOW (Assamese)
অসম

তামুলপুৰৰ কচুবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাবে আহত আন এজন

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ September 17, 2021 7:55 am
Tamulpur road accident

বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬ বাজি ১৫ মিনিটত তামুলপুৰ-নাগ্ৰীজুলি পথৰ কচুবাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয় আৰু গুৰুতৰভাবে আহত এজন ছাত্ৰ।

নিহত লোকজন হৈছে ৰামেচুবুৰী গাঁও নিবাসী তথা ৰামেচুবুৰী হাইস্কুলৰ নিম্ন বৰ্গৰ সহায়ক ৫৫ বছৰীয়া হলধৰ দাস।

গুৰুতৰভাবে আহতজন হৈছে দাসৰ নাতিয়েক ১৮ বছৰীয়া ছাত্র চিৰঞ্জীৱ দাস।

ঘটনাৰ সময়ত হলধৰ দাস আৰু চিৰঞ্জীৱ দাসে তামুলপুৰৰ পৰা বাইকেৰে নিজ গৃহ অভিমুখে আহি আছিল।

তামুলপুৰ- নাগ্ৰীজুলি পথৰ কচুবাৰী চকত বিপৰীত দিশৰ পৰা আহি থকা AS-01-BP-6679 নম্বৰৰ মাৰুতি বাহন খনে সন্মুখৰ পৰা বাইকখনত খুন্দা মাৰে। ফলত শোকাবাহ দুৰ্ঘটনাতো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত হলধৰ দাস থিতাতে নিহত হয়। তেওঁৰ লগত বাইকত থকা  চিৰঞ্জীৱ দাস গুৰুতৰভাবে আহত হয়।

দুৰ্ঘটনা সংঘটিত কৰা মাৰুতিখনৰ চালক আৰু আৰোহী কেইজন তামুলপুৰ আৰক্ষী থানাত উপস্থিত হয়।

খবৰ পাই তামুলপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তামুলপুৰ থানালৈ নিয়ে।

গুৰুতৰভাবে আহত চিৰঞ্জীৱক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ।

নিহত হলধৰ দাস কচুবাৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ সক্ৰিয় কৰ্মী থকাৰ উপৰিও বৃহত্তৰ তামুলপুৰ অঞ্চলৰ সাহিত্য-সাংস্কৃতিক কৰ্মী আছিল। বিভিন্ন সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগতো জড়িত আছিল দাস।