NORTHEAST NOW (Assamese)
অসম

পুনৰ অশান্ত হোৱাৰ দিশত বড়োভূমি; নতুন সশস্ত্ৰ উগ্ৰপন্থী সংগঠনে মাৰিলে ভুমুকি

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ September 17, 2021 1:29 pm
Bodoland New militant

পুনৰ অশান্ত হোৱাৰ দিশত আগবাঢ়িছে বড়োভূমি!

Bodoland New militant, বড়োভূমিত নতুন সশস্ত্ৰ উগ্ৰপন্থী সংগঠনে ভুমুকি মাৰিছে। এই সন্দৰ্ভত নতুন সংগঠনটোৱে তেওঁলোকৰ অস্তিত্ব ঘোষণা কৰিছে।

বড়োভূমিত নতুনতকৈ ভুমুকি মৰা সশস্ত্ৰ সংগঠনটোৰ নাম হৈছে ইউনাইটেড লিবাৰেশ্যন ফৰ বড়োলেণ্ড।

স্বাধীন বড়োলেণ্ডৰ দাবীত এই ইউনাইটেড লিবাৰেশ্যন ফৰ বড়োলেণ্ড (ULB) গঠন কৰা হৈছে।

সংবাদ মাধ্যমলৈ ভিডিঅ’ আৰু বিজ্ঞপ্তি পঠিয়াই সংগঠন গঠনৰ ঘোষনা কৰিছে বিদ্ৰোহী সংগঠনটোৱে।

১৫ ছেপ্টেম্বৰত সশস্ত্ৰ সংগঠনটোৱে এই বিজ্ঞাপ্তি প্ৰকাশ কৰিছে।

ঐতিহাসিক বড়ো শান্তি চুক্তিৰ পিছতো বড়োভূমিত নতুন উগ্ৰপন্থী সংগঠনে ভুমুকি মৰা ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।