NORTHEAST NOW (Assamese)
অসম

কোভাক্সিনৰ ভাগ্য নিৰ্ণয়! ভাৰতীয় ভেকচিনক লৈ ৫ অক্টোবৰত বৈঠকত বহিব বিশ্ব স্বাস্থ্য সংস্থা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 18, 2021 9:34 am
covaxin vaccine

বিশ্ব স্বাস্থ্য সংস্থাৰ ভেকচিন সম্পৰ্কীয় বিশেষজ্ঞসকলৰ কৌশলগত উপদেষ্টা গোটে অহা ৫ অক্টোবৰত কোভাক্সিনৰ জৰুৰী প্ৰয়োগৰ সংক্ৰান্তত অনুমোদন বিষয়ত সিদ্ধান্ত ল’বলৈ বৈঠকত বহিব।

বিগত বহুদিন ধৰি কোভাক্সিনৰ অনুমোদনক লৈ চৰ্চা চলি আহিছে। এই সন্দৰ্ভত অৱশ্যে ভাৰত বায়’টেকে কোনোধৰণৰ মন্তৱ্য দিবলৈ অস্বীকাৰ কৰিছে।

হায়দৰাবাদৰ সংস্থাটোৱে এটা টুইটত লিখিছে যে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা বিচৰা সকলোধৰণৰ ব্যাখ্যাৰ ক্ষেত্ৰত সংস্থাটোৱে সঁহাৰি জনাইছে। তেওঁলোকে এতিয়া বাকী প্ৰতিক্ৰিয়া সমাপ্ত হোৱাৰ বাবে অপেক্ষা কৰিছে।

সংস্থাটোৱে লগতে জনায় যে পূৰ্বে বহু দায়িত্বশীল ভেকচিনৰ প্ৰস্তুতকৰ্তা হিচাপে তেওঁলোকে অনুমোদনৰ প্ৰক্ৰিয়া তথা ইয়াৰ সময়সীমা সম্পৰ্কে অনুমান বা মন্তব্য কৰাটো উপযুক্ত বুলি নাভাৱে।

উল্লেখ্য যে ভাৰত বায়’টেকে বহুদিন ধৰি বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা জৰুৰী ভিত্তিত প্ৰয়োগৰ বাবে অনুমোদনৰ চেষ্টা চলাই আহিছে।

শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাৰিয়াই কোভাক্সিনৰ অনুমোদনৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাক আবেদন জনাইছিল।

অৱশ্যে, এনে পৰিস্থিতিত ভাৰত বায়’টেকে কোনোপধ্যে মুখ খুলিব বিচৰা নাই।