NORTHEAST NOW (Assamese)
অসম

নাগ্ৰীজুলিৰ গুৱাবাৰীত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ; পশুধন হত্যা

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ September 27, 2021 12:22 pm
wild elephant rampage

বাক্সাৰ নাগ্ৰীজুলিৰ গুৱাবাৰীত সোমবাৰে পুৱাই বন্য হস্তীয়ে তাণ্ডৱ চলায়।

বন্য হস্তীৰ আক্ৰমণত মৃত্যু ঘটিছে পোহনীয়া গৰুৰ।

বাটেৰে যোৱা লোকৰ চাইকেলো ভাঙি লণ্ড ভণ্ড কৰে বনৰীয়া হাতী এটাই।

জাকৰ পৰা ফালৰি কাটি অহা হাতীটোৰ তাণ্ডৱত সন্ত্ৰস্ত হৈ পৰে ৰাইজ।

অঞ্চলটোৰ ধান খেতি, কলৰ বাগিচাৰো ক্ষতি সাধন কৰে হাতীটোৱে।

গুৱাবাৰী অঞ্চলৰ ২ নং বগৰিখুৰীটি গাঁওৰ ৰবি দাস নামৰ লোকজনৰ বাৰীত গৰুক খেদি আক্ৰমণত কৰাত মৃত্যু ঘটে গৰুটোৰ।

উল্লেখ্য যে বিগত বহু দিন ধৰি লতিবাৰী, গুৱাবাৰী, কাউলী আদি অঞ্চলত বন্য হস্তীয়ে তাণ্ডৱ চলাই আহিছে।