NORTHEAST NOW (Assamese)
অসম

মেধাৱী ৰুগীয়া ছাত্ৰী স্মৃতিৰ বাসগৃহত সাংসদ তপন গগৈ; দিলে উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস

Posted by: নিৰ্মলেন্দু পাঠক ,টীয়ক Updated by: নিৰ্মলেন্দু পাঠক ,টীয়ক October 1, 2021 9:25 am
MP Tapan Gogoi

টীয়ক চন্দ্রকমল বেজবৰুৱা মহাবিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্রী স্মৃতি বড়া জটিল ৰোগত আক্রান্ত হোৱাৰ খবৰ পাই বৃহস্পতিবাৰে সন্ধিয়া পৰিয়ালটিৰ দুখৰ সমভাগী হোৱাৰ অৰ্থে ব্যস্ততাৰ মাজতে যোৰহাট সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ছাত্রী স্মৃতি বড়াৰ গৃহত উপস্থিত হয়।

আৰ্থিকভাৱে পিছপৰা এই পৰিয়ালটিৰ এই জটিল সন্ধিক্ষণত সাংসদগৰাকীয়ে দুৰ্ভগীয়া পিতৃ-মাতৃক সাক্ষাৎ কৰি অৱস্থাৰ বুজ লৈ  চিন্তা নকৰিবলৈ আহ্বান জনায়।

তেওঁ লগতে উন্নত চিকিৎসাৰ বাবে সকলো প্ৰকাৰৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰি ছাত্ৰীগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰে।

উল্লেখযোগ্য যে কোনোমতে পেটে ভাতে খাই চলি থকা পৰিয়ালটিৰ জ্যেষ্ঠ কন্যাগৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিকভাৱে বিভিন্ন মাধ্যমৰ যোগেদি সহায়ৰ বাবে অনুৰোধ জনাইছিল।

সেই অনুৰোধ মৰ্মে অসমৰ বহুজন সুহৃদয়বান লোকে আগবঢ়োৱা বৰঙণিৰে ছাত্ৰীগৰাকীক যোৱা ২৯ ছেপ্তেম্বৰ তাৰিখে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে আৰু ইতিমধ্যে চিকিৎসা আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে।

সাংসদ গৰাকীয়েও জি এম চি এইছৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি সকলো সা-সুবিধাৰ ব্যৱস্থা কৰি দিয়া বুলি জানিবলৈ দিছে।