NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ কুঠৰীত নিশা ভয়ংকৰ অগ্নিকাণ্ড; জুইত জাহ গ’ল কেইবাখনো দোকান

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ October 1, 2021 9:00 am
Fire at Kuthari final

কলিয়াবৰৰ কুঠৰীত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জুইত জাহ যায় কেইবাখনো দোকান। কুঠৰী তিনিআলিত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডটো।

দিলীপ গুপ্তা নামৰ ব্যক্তিজনৰ হোটেলৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ।

নিশা আঠমান বজাত দোকান বন্ধ কৰি দিলীপ গুপ্তা ঘৰলৈ যোৱাৰ পিছতে সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডটো।

জুইৰ লেনিহান শিখাই মুহূৰ্ততে চানি ধৰে অন্য কেইবাখনো দোকান।

দ্বীপেন বৰাৰ ষ্টেচনাৰি দোকান, জিনা নামৰ ব্যক্তিজনৰ ফাৰ্মাচী, কুলধৰ বৰাৰ চাইকেল দোকান নিমিষতে ভস্মীভূত হয় বুলি জানিব পৰা গৈছে।

আনহাতে, কলিয়াবৰৰ পৰা কুঠৰীলৈ প্ৰায় ৩৫/৪০ কিলোমিটাৰ দূৰত্ব হোৱাত কলিয়াবৰৰ অগ্নি নিৰ্বাপন বাহিনীৰ লোক ঘটনাস্থলী পোৱাত যথেষ্ট পলম হোৱাত জুয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি খন্তেকতে সকলো ভস্মীভূত কৰি পেলায়।

স্থানীয় ৰাইজে বহু সময় চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বহু পলমকৈ অগ্নি নিৰ্বাপক বাহিনীও উপস্থিত হৈ সহযোগিতা আগবঢ়ায়।

ভয়ংকৰ অগ্নিকাণ্ডটোত সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই।