NORTHEAST NOW (Assamese)
অসম

কূটাঘাতৰ পৰিকল্পনা! পূজাৰ পূৰ্বে মহানগৰীত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ; দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী October 1, 2021 11:57 am
Jiletin seized

দুৰ্গাপুজাত তেজৰ ফাকু খেলাৰ লক্ষ্য আছিল নেকি একাংশৰ?

মহানগৰীৰ গড়চুক আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ বিস্ফোৰক।

বেতকুছিৰ ISBT ৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত ১৫ কোটি টকাৰ জিলেটিন ষ্টিক জব্দ কৰিছে আৰক্ষীয়ে।

মেঘালয়ৰ পৰা AS15AC4867 নম্বৰৰ বলেৰ’ পিক আপ বাহনেৰে সৰবৰাহ কৰিছিল এই সামগ্ৰী খিনি।

আৰক্ষী সূত্ৰই জনোৱা মতে শ্বিলঙৰ পৰা ৰানীলৈ সৰবৰাহ কৰিছিল সামগ্ৰীসমুহ।

সৰবৰাহৰ সৈতে জড়িত দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে গড়চুক আৰক্ষীয়ে।

ধৃত সৰবৰাহকাৰী দুজন হৈছে ক্ৰমে ছয়গাওঁৰ ৰহিম বাদশাহ আৰু আইনুল আলী।

মূল সৰবৰাহকাৰী ছয়গাওঁৰ গৰৈমাৰী নিবাসী কাদেম আলী বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। কাদেম জেহাদী সংগঠনৰ সৈতেও জড়িত থকাৰ সন্দেহ।