NORTHEAST NOW (Assamese)
অসম

আৰক্ষী দিৱসৰ দিনাই আৰক্ষী বিষয়াই ১১হাজাৰ টকাৰ বিনিময়ত আচামীক মুকলিৰ অভিযোগ

Posted by: মৃদুল প্রীতম ডেকা, কামৰূপ Updated by: মৃদুল প্রীতম ডেকা, কামৰূপ October 1, 2021 1:18 pm
Ramdia police bribe case.allegation

আজি আৰক্ষী দিৱসৰ দিনাই আৰক্ষী বিভাগৰ নাক কাটিলে এজন আৰক্ষী উপ পাৰিদর্শকে! পুনৰ খাকী পোচাকত দাগ সানিলে হাজো ৰামদিয়াৰ আৰক্ষী বিষয়া ডিম্বেশ্বৰ পাঠকে।

তিনিজন আচামী মুকলি কৰাৰ নামত ১১হাজাৰ টকা উৎকোচ লোৱাৰ অভিযোগ আৰক্ষী বিষয়া ডিম্বেশ্বৰ পাঠকৰ বিৰুদ্ধে।

অভিযোগ অনা মহিলা গৰাকীৰ নাম পদুমী বেগম। তেওঁৰ ঘৰ হাজোৰ খালিহামাৰীত।

মহিলা গৰাকীৰ স্বামীয়ে আন এগৰাকী যুৱতীক পলুৱাই অনাত ৰামদিয়া আৰক্ষী চকীত কাজিয়া হৈছিল।

এই কাজিয়া ভাঙি দিছিল অভিযোগকাৰী মহিলা গৰাকীৰ তিনি ভাতৃয়ে।

পিছত ৰামদিয়া আৰক্ষী বিষয়াজনে তিনি ভাতৃক সুমুৱাই ৰাখিছিল থানাৰ ভিতৰত।

তিনি ভাতৃক পিছত মুকলি কৰাৰ নামত আৰক্ষী বিষয়া ডিম্বেশ্বৰ পাঠকে চলালে তাণ্ডৱ।

ধন নিদিলে তিনি ভাতৃক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ ভাবুকি প্ৰদান কৰিছিল আৰক্ষী বিষয়া জনে।

উপায়ন্তৰ হৈ ১১ হাজাৰ টকা সূতত ধাৰ কৰি আনি তিনি ভাতৃক মুকলি কৰি নিয়াৰ গুৰুতৰ অভিযোগ আনিছে দুৰ্ভগীয়া মহিলা গৰাকীয়ে।

আনহাতে, আৰক্ষী বিষয়া গৰাকীয়ে মহিলা গৰাকীক দুৰ্বৱহাৰ কৰাৰো এক গুৰুতৰ অভিযোগ আনিছে।

ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা মহিলা গৰাকীৰ দুখীয়া পৰিয়ালটোৱে আৰক্ষী বিষয়া জনৰ কঠোৰ শাস্তি বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত।

ভাবুকি তথা বেআইনীভাবে ধন আদায় লোৱা আৰক্ষীৰ পৰা ধন খিনি উভতাই দিবলৈও আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ওচৰত অনুৰোধ জনাইছে এই দৰিদ্ৰ পৰিয়াল টোৱে।