NORTHEAST NOW (Assamese)
অসম

ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৭ জন

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও October 1, 2021 2:27 pm
Accident in MP

শুকুৰবাৰে পুৱা মধ্যপ্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

মধ্যপ্ৰদেশৰ ভিন্দ জিলাৰ গোহাদ চহৰৰ ওচৰত উত্তৰ প্ৰদেশ অভিমুখী এখন বাছৰ ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ হোৱাৰ ফলত ৭ জন লোক নিহত হোৱাৰ উপৰিও ১৩ জন লোক আহত হৈছে।

ভিন্দ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কমলেশ খাৰপুছে কয় যে গোৱালিয়ৰৰ পৰা ইটাৱা অভিমুখী বাছখন ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত আজি পুৱা প্ৰায় ৮ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়।

গোহাদ আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত হাৰগোবিন্দপুৰাৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি তেওঁ জানিবলৈ দিয়ে।

আহত লোকসকলক চিকিৎসাৰ বাবে ততাতৈয়াকৈ গোৱালিয়ৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি আৰক্ষী বিষয়াজনে উল্লেখ কৰে