NORTHEAST NOW (Assamese)
অসম

উপ নিৰ্বাচনৰ বাবে তিনিটা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ; কোনে কোনে পালে প্ৰাৰ্থিত্ব?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 5, 2021 10:33 am
Congress-750x375-1

Assam byelection:ৰাজ্যখনৰ আগন্তুক ৫টা বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছে তিনিটা সমষ্টিত ইয়াৰ প্ৰাৰ্থী ঘোষণা কৰিছে।

সেই অনুসৰি, গোসাইগাওঁত জুৱেল টুডু, তামুলপুৰত ভাস্কৰ দাহাল আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰক কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকে স্বাক্ষৰ কৰা এক বিবৃতিত কোৱা হৈছে যে সভানেত্ৰী ছোনিয়া গান্ধীৰ অনুমোদন মৰ্মে এই তিনিগৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হৈছে।

আনহাতে, মৰিয়নি আৰু ভবানীপুৰ সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ নাম শীঘ্ৰেই প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে বিজেপিয়ে ইতিমধ্যে উপ নিৰ্বাচনৰ বাবে ভবানীপুৰ, থাওৰা আৰু মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিছে।