NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজি কোভিড আক্ৰান্ত লোকৰ সংখ্যা কিমান; মৃত্যু কিমানৰ?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 6, 2021 9:00 pm
test-covid-

ৰাজ্যখনত আজি কোভিডৰ সংক্ৰমণৰ হাৰ কালিতকৈও হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

আজিৰ দিনটোতো অসমত কোভিডত আক্ৰান্তৰ হাৰ ১ শতাংশৰ তলতে আছে।

আজি ৰাজ্যত সৰ্বমুঠ ৪৪,২৭২ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে ৩০০ গৰাকী ব্যক্তিৰ শৰীৰত কোভিড সংক্ৰমণ ধৰা পৰিছে।

আনহাতে, আজি কোভিড সংক্ৰমণৰ হাৰ হৈছে ০.৬৮ শতাংশ।

কামৰূপ মেট্ৰ’ত আজি কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬৯ গৰাকী।

আজি ৰাজ্যত ৬ জন ব্যক্তিৰ কোভিড সংক্ৰমণৰ ফলত মৃত্যু হয়।

ৰাজ্যত কোভিডত সুস্থ হোৱা ৰোগীৰ হাৰ হৈছে ৯৮.৩২ শতাংশ।

ইপিনে অলপতে ৰাজ্য চৰকাৰে পুনৰ নতুন কোভিড SOP জাৰি কৰিছে। ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।