NORTHEAST NOW (Assamese)
অসম

দুৰ্গাপূজাৰ প্ৰাকক্ষণত কলিয়াবৰত বিলাতী সুৰাৰ উজান, উদ্ধাৰ বটলে বটলে সুৰা

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ October 9, 2021 3:34 pm

দুৰ্গাপূজাৰ প্ৰাক ক্ষণত কলিয়াবৰত উঠিছে বিলাতী সুৰাৰ উজান।

কলিয়াবৰৰ কেলিডেন আদৰ্শ গাঁওৰ লোচন জানি নামৰ লোকজনৰ ঘৰৰ পৰা কলিয়াবৰৰ মিছা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণি কান্ত সজাতিয়ে এক গোপন সূত্ৰৰ ভিত্তিত মিছা আৰক্ষীৰ সহযোগত ৭৬ টা বিলাতী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয়।

জব্দ হোৱা সুৰা খিনিৰ আনুমানিক মূল্য প্রায় ৮০০০ টকা হব বুলি সন্দেহ কৰা হৈছে।

অৱশ্যে আৰক্ষী যোৱাৰ উমান পাই লোচন জানি নামৰ লোক জনে ঘৰৰ পৰা পলায়ন কৰে।

বৰ্তমান আৰক্ষীয়ে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।

দুৰ্গাপূজাৰ প্ৰাক ক্ষণত এনে দুষ্কাৰ্যৰ বিৰুদ্ধে মিছা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।