NORTHEAST NOW (Assamese)
অসম

Coronavirus India Update: দেশত আৰু কিমান কমিল দৈনিক সংক্ৰমণ? উদ্বেগমুক্ত নহয় মৃত্যুৰ সংখ্যা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 10, 2021 11:03 am
a-vac-640x375-1

Coronavirus India: উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ সময়ত দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ নিম্নগামী হোৱাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে যদিও মৃত্যুৰ সংখ্যাই এতিয়াও উদ্বেগৰ কাৰণ হৈ ৰৈছে।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে ১হাজাৰ ১৬৬ জন লোক। শনিবাৰে দেশত ক’ৰ’নাত মুঠ আক্ৰান্ত হৈছিল ১৯হাজাৰ ৭৪০ জন লোক।

দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ৩কোটি ৩৫লাখ ৫৯হাজাৰ ১৬৩ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২১৪ জন কৰ’না আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৫০হাজাৰ ৫৮৯জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ২৩হাজাৰ ৬২৪জন।

Also Read: Super Dancer Florina: অসম কন্যা ফ্লোৰিনা গগৈ ছুপাৰ ডান্সাৰৰ চেম্পিয়ন; লাভ কৰিলে ট্ৰফীসহ ১৫লাখ টকাৰ নগদ পুৰস্কাৰ

দেশত মুঠ কৰ’নাৰ পৰা মুক্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ৩কোটি ৩২ লাখ ৭১ হাজাৰ ৯১৫জন।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২লাখ ৩হাজাৰ ৯৭১জন।

আনহাতে, দেশত এতিয়ালৈকে প্ৰায় ৯কোটি ৭০ লাখ ১০ হাজাৰ ১৭৫ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ সময়তে সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা তথা সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ ঘটনা যথেষ্ট স্বস্তিদায়ক বুলি বিবেচিত হৈছে।

অৱশ্যে, দেশত কৰ’না পৰিস্থিতিক কোনো কাৰণতে সহজভাৱে নল’বলৈ বিশেষজ্ঞসকলে আহ্বান জনাইছে।