NORTHEAST NOW (Assamese)
অসম

বিধানসভাৰ মজিয়াত দিয়া তথ্যই প্ৰমাণ কৰিলে ৰাজ্যত উদ্বেগজনকভাৱে বাঢ়িছে নাৰীজনিত অপৰাধ

Posted by: এন ই নাও নিউজ April 2, 2018 10:19 pm
DHUBRI GIRL WENT MISSING SINCE LAST THREE MONTHS RESCUED FROM RED LIGHT AREA OF SILIGURI

২০০৬ চনৰ পৰা ২০১৮ চনৰ ২৩ মাৰ্চলৈকে ৰাজ্যখনত সংঘটিত নাৰীজনিত অপৰাধৰ ঘটনাৰ বিষয়ে সোমবাৰে গৃহ বিভাগে বিধানসভাত দাখিল কৰা তথ্যত পোহৰলৈ আহিছে উদ্বেগজনক কিছুমান সত্য।

বিধানসভাত বি পি এফৰ বিধায়িকা কমলী বসুমতাৰীয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ গৃহ বিভাগে ২ এপ্ৰিলত দাখিল কৰে ২০০৬ চনৰ পৰা ২০১৬ চনৰ ২৩ মাৰ্চলৈকে সময়ছোৱাত ৰাজ্যত সংঘটিত যৌতুকজনিত, বলাৎকাৰ আৰু ডাইনী কাণ্ডৰ পৰিসংখ্যা।

বিধান সভাত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে উল্লেখ কৰা তথ্য মতে ২০০৬ চনৰ পৰা ২০১৫ চনলৈকে ৰাজ্যখনত যৌতুকজনিত কাৰণত ১,২৫৩ গৰাকী মহিলাই মৃত্যুক সাবটি লয়।

উল্লেখযোগ্য যে আশ্বৰ্যজনকভাৱে ২০১৬ চনৰ পৰা ২০১৮ চনৰ ২৩ মাৰ্চলৈকে সময়ছোৱাত ৩৫৩ গৰাকী মহিলাই যৌতুকজনিত কাৰণত মৃত্যুক সাবটি লয়।

আনহাতে ২০০৬ চনৰ পৰা ২০১৫ চনলৈ মুঠ ৩৭ গৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ বিপৰীতে ২৪ গৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা হয়।

ধৰ্ষণৰ ক্ষেত্ৰতো একেদৰে ২০১৬ চনৰ পৰা ২০১৮ চনলৈকে ১৬ গৰাকী মহিলা আৰু ১০ গৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা হয়।

ইফালে ২০০৬ চনৰ পৰা ২০১৫ চনলৈকে ৭১ টা ডাইনী হত্যাৰ গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০১৬ চনৰ পৰা ২০১৮ চনৰ ২৩ মাৰ্চলৈকে ৯ গৰাকী মহিলাই ডাইনী কাণ্ডৰ বাবে মৃত্যুক সাবটি ল’ব লগা হয়।