NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচন আয়োগে আজি ঘোষণা কৰিব অসমকে ধৰি ৪খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 26, 2021 11:48 am
Andhra-Pradesh-Odisha-Sikkim-Arunachal-Pradesh-polls-with-LS-elections-likely-680x365_c-750x375

ভাৰতৰ নিৰ্বাচন আয়োগে দেশৰ চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিব।

শুকুৰবাৰে বিয়লি ৪.৩০ বজাত নিৰ্বাচন আয়োগে এখন সংবাদমেল যোগে অসম, কেৰেলা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিব।

এই ৰাজ্যকেইখনৰ বিধানসভাৰ নিৰ্বাচন অহা এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’ব।

নিৰ্বাচন আয়োগে বুধবাৰে অনুষ্ঠিত কৰা এখন গুৰুত্বপূৰ্ণ বৈঠকত চাৰি ৰাজ্য ক্ৰমে অসম, কেৰেলা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ আগন্তুক নিৰ্বাচনৰ বাবে দিন-তাৰিখ চূড়ান্ত কৰে।

মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হৈছিল।