NORTHEAST NOW (Assamese)
অসম

প্ৰতি চাৰি মিনিটত এগৰাকীকৈ মহিলা আক্ৰান্ত হয় স্তনৰ কৰ্কট ৰোগত: বৰষাৰাণী বিষয়া

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক November 9, 2021 4:31 pm
প্ৰতি চাৰি মিনিটত এগৰাকীকৈ মহিলা আক্ৰান্ত হয় স্তনৰ কৰ্কট ৰোগত: বৰষাৰাণী বিষয়া

বৰ্তমান ক’ভিডতকৈও মাৰাত্মক ব্যাধি কৰ্কট ৰোগৰ নিৰাময় আৰু পৰিত্ৰাণৰ উদ্দেশ্যে বিভিন্ন সময়ত বহু স্বেচ্ছাসেৱী সংগঠনে সজাগতামূলক সভাৰ জৰিয়তে জনসাধাৰণক সজাগ কৰি আহিছে।

মাৰাত্মক ব্যাধি কৰ্কট ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত সজাগতা অনাৰ স্বাৰ্থত আজি টীয়কৰ ৯ নং বলমা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ডিব্ৰুগড়ৰ প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টে ননঘৰ প্ৰজেক্ট এৰ’ণা আই এম এ ৰ WDW ৰ সহযোগত এখন কৰ্কট ৰোগৰ সজাগতা সভা অনুষ্ঠিত কৰে।

উক্ত সজাগতা অনুষ্ঠানটোত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু টীয়কৰ কেইবাগৰাকীও বিশিষ্ট চিকিৎসকে উপস্থিত থাকি কৰ্কট ৰোগৰ সম্পৰ্কে ৰাইজক লগত আলোচনা কৰে।

এই সভাতে অসমৰ জনপ্ৰিয় শিল্পী বৰষাৰাণী বিষয়া উপস্থিত থাকি বিশেষকৈ মহিলাসকলক এই ৰোগৰ লক্ষণ,সজাগতা তথা চিকিৎসা আৰু নিৰাময় আদিৰ সম্পৰ্কে বুজাবলৈ চেষ্টা কৰে।

কৰ্কট ৰোগ ৰোধৰ ক্ষেত্ৰত ৰাইজক সজাগ হ’বলৈ আহ্বান জনাই শিল্পীগৰাকীয়ে এনে সজাগতাই অনাগত দিনত কৰ্কট কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।