NORTHEAST NOW (Assamese)
অসম

Brazil Football Star Neymar: কাটাৰতেই অন্তিমবাৰৰ বাবে খেলিব বিশ্বকাপ! নেইমাৰৰ মন্তব্যক লৈ চাঞ্চল্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 11, 2021 1:13 pm
1625807302_668990_noticia_normal

Brazil Football Star Neymar অহা বছৰেই শেষবাৰৰ বাবে বিশ্বকাপ খেলিব নেকি নেইমাৰে? ব্ৰাজিলৰ তাৰকা ফুটবলাৰগৰাকীয়ে তাৰেই ইংগিত দিলে।

সংবাদমাধ্যমক দিয়া এক সাক্ষাৎকাৰত নেইমাৰে কয় যে কাটাৰ বিশ্বকাপৰ পাছত ফুটবল খেলাৰ দৰে মানসিক বল পাবনে নে নাই তাত তেওঁৰ সন্দেহ আছে।

নেইমাৰে কয়,’’মোৰ অনুমান হয় এইটোৱে শেষ বিশ্বকাপ। কিয়নো ইয়াৰ পাছত ফুটবল খেলাৰ দৰে মানসিক বল হয়তো আৰু মোৰ নাথাকিব। সেয়ে, বিশ্বকাপখন যাতে ভালদৰে পাৰ হয় তাৰবাবে সকলোধৰণে চেষ্টা কৰিম।‘’

‘’দেশৰ বাবে বিশ্বকাপ জয়ৰ চেষ্টা কৰিম। সৰুকালৰ পৰাই মোৰ এইটো সপোন আছিল। আশা কৰিছো মোৰ সেই সপোন সফল হ’ব,’’-নেইমাৰে লগতে কয়।

ব্ৰাজিলৰ অতি প্ৰতিভাৱান তাৰকা নেইমাৰে ২০১৪চনত প্ৰথমবাৰ বিশ্বকাপ খেলিছিল। কোৱাৰ্টাৰ ফাইনেলত কলম্বিয়াৰ কেমিলো জুনিগাৰৰ সৈতে হোৱা প্ৰচণ্ড খুন্দাখুন্দিত গুৰুতৰভাৱে আহত হোৱাৰ বাবে নেইমাৰে সেইবাৰ ছেমিফাইনেলত খেলিব নোৱাৰিলে।

ছেমিফাইনেলত ঘৰুৱা খেলপথাৰতে জাৰ্মানীৰ হাতত সাত গল খাই বিশ্বকাপৰ আটাইতকৈ লজ্জাজনক পৰাজয়ৰ সন্মুখীন হয় ব্ৰাজিল।

আনহাতে, ২০১৮ৰ ৰাছিয়া বিশ্বকাপত কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ হাতত পৰাজিত হৈ বিদায় লৈছিল ব্ৰাজিলে।

ব্ৰাজিলৰ তাৰকা নেইমাৰে বিশ্ব ফুটবলত এক সুকীয়া স্থান দখল কৰিছে তেওঁ কৌশলী তথা অনন্য শৈলীৰ বাবে।

বিশ্বৰ কোটি কোটি ফুটবলৰ দৰ্শকৰ প্ৰিয় নেইমাৰে কাটাৰ বিশ্বকাপেই শেষ বিশ্বকাপ হ’ব বুলি কৰা ইংগিতপূৰ্ণ মন্তব্যৰ বাবে এতিয়া অনুৰাগীসকল ব্যথিত হৈ পৰিছে।