NORTHEAST NOW (Assamese)
অসম

অনিৰ্দিষ্ট কালৰ বাবে ছীল কৰা হ’ল বিশ্বনাথৰ বিশাল মেগা মাৰ্ট

October 12, 2021 8:59 am
Vishal Mega Mart Shut Down In Biswanath

ক’ভিড বিধি ভংগ কৰাৰ অভিযোগত বিশ্বনাথৰ বিশাল মেগা মাৰ্ট অনিদিষ্ট কালৰ বাবে ছীল কৰাৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে শাৰদীয় দুৰ্গোৎসৱৰ সামগ্ৰী বিক্ৰীৰ নামত অসংখ্য লোকৰ ভিৰ আৰু মাক্স বিহীন ভাৱে ব্যৱসায় কৰাৰ অভিযোগতে এই কঠোৰ নিৰ্দেশনা দিছে বিশ্বনাথ জিলা প্ৰশাসনে তথা জিলা উপায়ুক্তই।

২০০৫ চনৰ দুৰ্যোগ প্ৰশমন আইনৰ অধীনত আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ এই বিশাল মেগামাৰ্ট পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব।

দূৰ্গা পূজা উপলক্ষে বিগত কিছুদুন ধৰি বিশাল মেগা মাৰ্টত ক্ৰেতাৰ ভীৰ বঢ়া পৰিলক্ষিত হৈছে। তদুপৰি এই বৃহৎ বণিক গোষ্ঠীটোয়ে মল টোৰ ভিতৰত কোনো ধৰণৰ সামাজিক ব্যৱধান মানি চলা নাছিল। আনহাতে ক্ৰেতা বিক্ৰেতা কাৰো মুখতে মাক্স দেখা পোৱা নগ’ল।

এনে বিসংগতিৰ বাবেই কালি মাৰ্ট খনত নিৰীক্ষণ কৰাৰ বাবে উপস্থিত হৈছিল বিশ্বনাথ জিলা প্ৰশাসনৰ লগতে জিলা আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আৰু বন্ধ কৰা হৈছিল মাৰ্ট খন।

কালি সন্ধিয়া ভাগত বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল দাসৰ প্ৰতিবেদনৰ ভিত্তিত মলটো ছীল কৰা বাবে বিশ্বনাথ জিলা উপায়ুক্তই কঠোৰ নিৰ্দেশনা জাৰি কৰে ।