NORTHEAST NOW (Assamese)
অসম

টি-২০ বিশ্বকাপৰ ভাৰতীয় দলত পৰিৱৰ্তন! অক্ষৰ পেটেলৰ স্থানত ভাৰতীয় দলত শাৰ্দুল ঠাকুৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 13, 2021 8:17 pm
Indian team for t-20 world cup

১৭ অক্টোবৰৰ পৰা ইউএই আৰু ওমানত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ দলত অক্ষৰ পেটেলৰ স্থানত পেচ বলিং অলৰাউণ্ডাৰ শাৰ্দুল ঠাকুৰে স্থান লাভ কৰিছে।

২৯ বছৰীয়া ঠাকুৰে চেন্নাই চুপাৰ কিংছৰ হৈ চলিত আই পি এলত সুন্দৰ প্ৰদৰ্শনেৰে ১৮ টা উইকেট হস্তগত কৰি সকলোকে প্ৰভাৱিত কৰিছে।অৱশ্যে বিগত কিছুদিন ধৰি শাৰ্দুল ঠাকুৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটটো ভাৰতীয় দলৰ হৈ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে।

“দল পৰিচালনা কমিটিৰ সৈতে হোৱা আলোচনাৰ পিছত সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে শাৰ্দুল ঠাকুৰক মূল দলত যোগ দিছে। পূৰ্বে ১৫ জনীয়া দলত স্থান লাভ কৰা অলৰাউণ্ডাৰ অক্ষৰ পেটেল এতিয়া ষ্টেণ্ডবাই খেলুৱৈৰ তালিকাত থাকিব।” বিচিচিআইৰ সচিব জয় শ্বাহে এক বিবৃতিত কয়।

উল্লেখ্য যে, মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলা পেছ বলিং অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই ফিটনেছৰ সমস্যাৰ বাবে আই পি এলৰ সময়ত বলিং নকৰাৰ বাবে নিৰ্বাচকসকলে তেওঁৰ পৰিৱৰ্ত খেলুৱৈ এজনত দলত ৰখাৰ পোষকতা কৰে আৰু সেই সূত্ৰেই শাৰ্দুল ঠাকুৰে দলত স্থান পায়।

এক প্ৰতিবেদন অনুসৰি নিৰ্বাচকসকলে ভাৰতীয় দলৰ নেট বলাৰসকলৰ ভিতৰত হৰ্ষল পেটেলকো অন্তৰ্ভুক্ত কৰিছে। চলিত আইপিএল- ত পেটেলে চমকপ্ৰদ প্ৰদৰ্শনেৰে সৰ্বাধিক উইকেট দখলকাৰী বলাৰৰ তালিকাত শীৰ্ষ স্থানত আছে।

নিম্নলিখিত ক্ৰিকেটাৰসকলে ডুবাইত দলৰ প্ৰস্তুতি শিবিৰত যোগদান কৰিব আৰু তেওঁলোকৰ প্ৰস্তুতিত টীম ইণ্ডিয়াক সহায় কৰিব- আবেশ খান, উমৰণ মালিক, হৰ্ষল পেটেল, লুকমান মেৰিৱালা, ভেঙ্কটেশ আয়াৰ, কৰ্ণ শৰ্মা, শ্বাহবাজ আহমেদ আৰু কে গৌথম।

উল্লেখ্য যে ভাৰতীয় দলে ২৪ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে খেলি টি-২০ বিশ্বকাপত অভিযান আৰম্ভ কৰিব।

আইচিচি টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ দলঃ বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা (উপ-অধিনায়ক), কে এল ৰাহুল, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত (উইকেট-ৰক্ষক), ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৰাহুল চাহাৰ, ৰবিচন্দ্ৰন অশ্বিন, শাৰ্দুল ঠাকুৰ, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, মহম্মদ ছামী।

ষ্টেণ্ড বাই খেলুৱৈ হিচাপে আছে- শ্ৰেয়াছ আয়াৰ, দীপক চাহাৰ, অক্ষৰ পেটেল।