NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আঠজন নতুন ন্যায়াধীশৰ নিযুক্তিত কেন্দ্ৰৰ অনুমোদন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 14, 2021 11:22 am
Gauhati HC

কেন্দ্ৰই গুৱাহাটী উচ্চ ন্যায়ালয়ত আঠজন নতুন ন্যায়াধীশৰ নিযুক্তিৰ ক্ষেত্ৰত জাননী জাৰি কৰিছে।

অধিবক্তা কাখেটো চেমা আৰু দেৱাশীষ বৰুৱা আৰু ন্যায়িক বিষয়া মালাশ্ৰী নন্দী, মাৰ্লি ভানকুং আৰু অৰুণ দেৱ চৌধুৰীক গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।

সৌমিত্ৰ শইকীয়া, পাৰ্থিৱজ্যোতি শইকীয়া আৰু এছ. হুকাতো চু- ক অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।

“ভাৰতৰ সংবিধানৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি নিম্নলিখিত অধিবক্তা আৰু ন্যায়িক বিষয়াসকলক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দি আনন্দিত হৈছে।” ভাৰতীয় ন্যায় বিভাগে টুইটাৰ যোগে কয়।