NORTHEAST NOW (Assamese)
অসম

ক্ৰমাৎ সুস্থ হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ স্বাস্থ্যৰ অৱস্থা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 15, 2021 5:06 pm
Manmohan Singh

আৰোগ্য লাভ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে। এইমছ কৰ্তৃপক্ষই আজি এই কথা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে বুধবাৰে সন্ধিয়া তীব্ৰ জ্বৰৰ বাবে এইমছত ভৰ্তি কৰোৱা হৈছিল ৮৯ বৰ্ষীয় সিঙক।

চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছদিনাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সিঙক লগ কৰি স্বাস্থ্যৰ বুজ লৈছিল।

বৰ্তমান তেওঁক চিকিৎসালয়খনৰ কাৰ্ডিঅ’-নিউৰ’ চেণ্টাৰৰ এটা প্ৰাইভেট ৱাৰ্ডত ৰখা হৈছে।

ডঃ নিতিশ নায়কৰ তত্বাৱধানত কাৰ্ডিঅ’লজিষ্টসকলৰ এটা দলে তেওঁৰ চিকিৎসা চলাই আছে। চিকিৎসকসকলে জনোৱামতে, বৰ্তমান সিং সংকটমুক্ত।

উল্লেখযোগ্য চলিত বৰ্ষৰ ক’ভিদ সংক্ৰমণৰ দ্বিতীয় ঢৌৰ সময়তো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল মনমোহন সিঙক।