NORTHEAST NOW (Assamese)
অসম

Schools are reopened চৰকাৰী নিৰ্দেশনা অনুসৰি কোভিড বিধি মানি আজিৰে পৰা খুলিলে ৰাজ্যৰ সকলো বিদ্যালয়

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ October 19, 2021 11:33 am
school reopen at Sibsagar

Schools are reopened আজিৰে পৰা কোভিড বিধি মানি ৰাজ্যৰ সকলো প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক  বিদ্যালয়সমূহ খুলি দিয়া হৈছে।

চৰকাৰৰ নিৰ্দেশ অনুসৰি সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম মতে খোলা হৈছে ৰাজ্যৰ সকলো বিদ্যালয়।

আন বিদ্যালয়ৰ দৰে শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনো আজি পাঠদানৰ বাবে খোলা হৈছে।

সম্পূৰ্ণ চৰকাৰী ক’ভিড বিধি মানি ছাত্ৰ-ছাত্ৰী সকলক কৰা হৈছে পাঠদান। পাঠদানৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰা হব মধ্যাহ্ন ভোজন।

Also Read: গোৱালপাৰা সৈনিক স্কুলতো আজিৰে পৰা আৰম্ভ হ’ল পাঠদান; উৎফুল্লিত শিক্ষাৰ্থী

বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ৰান্ধনি আৰু আন আন কৰ্মচাৰীয়ে ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে।

প্ৰধান শিক্ষক গৰাকীয়ে লগতে প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী থকা এই বিদ্যালয়ত পাঠদানৰ সময়ত মাস্ক পৰিধান কৰাতো আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাতো বাধ্যতামূলক বুলি জনায়।