NORTHEAST NOW (Assamese)
অসম

অব্যাহত পেট্ৰ’ল-ডিজেলৰ শতকীয় ইনিংছ, পূৰ্ব অভিলেখ ভংগ কৰি নতুন ৰেকৰ্ড স্থাপন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2021 2:30 pm
Petrol-Diesel Prices Hiked Again

মোদী চৰকাৰৰ তত্বাৱধানত পেট্ৰ’ল-ডিজেলে নিজৰ শতকীয় ইনিংছ সম্পূৰ্ণ কৰাৰ পিছতো অব্যাহত ৰাখিছে ইনিংছ!

ক্ৰমাগত ভাৱে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পাই থকাৰ পিছত পেট্ৰ’লৰ দামে শতকৰ ঘৰ স্পৰ্শ কৰাৰ পিছত ডিজেলেও তৃতীয় অংকৰ যাদুকৰী সংখ্যা স্পৰ্শ কৰিছে।

আজি একেৰাহে দ্বিতীয় দিনৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি হৈ সৰ্বকালৰ সৰ্বাধিক মূল্যত উপনীত হৈছে। ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত পেট্ৰ’ল আৰু ডিজেলৰ হাৰ ৩৫ পইচা বৃদ্ধি হৈ শেহতীয়া বৃদ্ধিৰ পিছত ক্ৰমে ১০৬.৫৪ আৰু ৯৫.২৭ টকা হৈছে।

পেট্ৰ’লৰ মূল্য এতিয়া বিমান সেৱাত ব্যৱহৃত বিমান টাৰ্বাইন ইন্ধন (জেট ইন্ধন) বিক্ৰী কৰা মূল্যতকৈ প্ৰায় ৩৫ শতাংশ বেছি। দিল্লীৰ জেট ইন্ধনৰ প্ৰতি লিটাৰত প্ৰায় ৭৯ টকা ব্যয় হয়।

মুম্বাইত, এক লিটাৰ পেট্ৰ’লৰ মূল্য এতিয়া ১১২.৪৪ টকা আৰু ডিজেল প্ৰতি লিটাৰত ১০৩.২৬ টকাত বিক্ৰী হয়। চেন্নাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৩.৬১ টকা হৈছে; আনহাতে ডিজেলৰ মূল্য হৈছে ৯৯.৫৯ টকা।

চৰকাৰী তেল শোধনাগাৰৰ মতে চাৰিখন মেট্ৰ’ চহৰৰ ভিতৰত মুম্বাইত ইন্ধনৰ হাৰ সৰ্বাধিক।