NORTHEAST NOW (Assamese)
অসম

দেশত এশ কোটি কোভিড টিকা প্ৰদান; বঙাইগাঁৱত শ্ৰেষ্ঠ টিকা প্ৰদানকাৰীক সম্বৰ্ধনা

Posted by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও Updated by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও October 22, 2021 8:05 am
WhatsApp Image 2021-10-21 at 8.51.37 PM

সমগ্ৰ ভাৰতবৰ্ষত বুধবাৰ পৰ্যন্ত ১০০(এশ) কোটি কোভিড টিকা প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে সাফল্যৰ শিখৰত অধিষ্ঠিত হৈছে। সেয়েহে দেশৰ সকলো ৰাজ্যতে খণ্ড পৰ্যায়ত তথা জিলা পৰ্যায়ত শ্ৰেষ্ঠ কোভিড টিকা প্ৰদানকাৰীক সম্বৰ্ধনা, হাস্পতালত আলোকসজ্জা আদি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে ৷

বঙাইগাঁৱতো বৃহস্পতিবাৰে উপায়ুক্ত ডা: এম এছ লক্ষ্মী প্ৰিয়াই জিলা পৰ্যায়ত শ্ৰেষ্ঠ কোভিড টিকা প্ৰদানকাৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়।

বঙাইগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: ভূপেন বৈশ্য ,অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: লাবণ্য শৰ্মা, জিলা টিকাকৰণ বিষয়া ডা: পুষ্পেন্দু দাস, জিলা আঁচনি প্ৰবন্ধক আনন্দ শৰ্মা আৰু বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ  মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: মহিবুল ইছলামকে ধৰি স্বাস্থ্য বিভাগৰ আন আন বিষয়ববীয়াৰ উপস্থিতিত বঙাইগাঁও আৱৰ্ত ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত শ্ৰেষ্ঠ কোভিড টিকা প্ৰদানকাৰী মঞ্জুলা ৰয়, যামিনী দাস আৰু জিতা চক্ৰৱৰ্তীক উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়।

উপায়ুক্তগৰাকীয়ে কয় যে স্বাস্থ্য বিভাগৰ সকলো টিকা প্ৰদানকাৰীয়েই ভালদৰে কাম কৰিছে। তথাপি এই তিনিগৰাকী কোভিড টিকা প্ৰদানকাৰীক তেওঁলোকৰ কামৰ বাবে বিশেষভাৱে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে।

বঙাইগাঁও জিলাত এতিয়ালৈকে ৬,৪৫,৯২৮(ছয় লাখ পঞ্চলিশ হেজাৰ ন শ আঠাইশ)পালি কোভিড টিকা প্ৰদান কৰা হৈছে আৰু অপচয়ৰোধ কৰি ৪০৬৭৬( চল্লিশ হেজাৰ ছয় শ ছয়সত্তৰ) গৰাকী হিতাধিকাৰীক অতিৰিক্তভাৱে কোভিড টিকা প্ৰদান কৰা হৈছে ৷

উল্লেখ্য যে খণ্ড পৰ্যায়তো ইতিমধ্যে শ্ৰেষ্ঠ কোভিড টিকা প্ৰদানকাৰীক সম্বৰ্ধনা জনোৱা হৈছে।