NORTHEAST NOW (Assamese)
অসম

অদ্ভুত! ভুতৰ সৈতে এনকাউন্টাৰত বাৰাংহাটীৰ গঞা; হাতত টাঙোন লৈ ভূত বিচাৰিছে যুৱকৰ দলে

Posted by: মৃদুল প্রীতম ডেকা, কামৰূপ Updated by: মৃদুল প্রীতম ডেকা, কামৰূপ October 24, 2021 10:53 am
Ghost waited

Encounter with Ghosts! এদল যুৱকে হাতে হাতে টাঙোন লৈ নিশা কি বিচাৰি ফুৰিছে। লগত আছে গঞা ৰাইজ। এই ঘটনা হাজোৰ বাৰাংহাটীৰ।

শুনি আচৰিত হ’বলগীয়া কথাটো হ’ল নিশা এইসকল যুৱক ঘুৰি ফুৰিছে ভূতৰ সন্ধানত।

হাজোৰ বাৰাংহাটীৰ এটা পৰিয়ালত যোৱা তিনিদিন ধৰি উপৰ্যুপৰি শিল ইটাৰ‌ টুকুৰাৰে অবিৰত আক্ৰমণ চলাইছে কোনো অদৃশ্য শক্তিয়ে!

প্ৰথমে পৰিয়ালটোৱে কোনোবা শত্ৰুই এই কাৰ্য সংঘটিত কৰিছিল বুলি ভাবিছিল যদিও আজি ৰাতিপুৱাৰে পৰা শিলাবৰ্ষণৰ পিছত পৰিয়ালটোৰ মনত উদ্ৰেক ঘটিছে  কোনো অদৃশ্য শক্তিৰ অস্তিত্বক লৈ।

নিশাৰ লগে লগে পৰিয়ালটোলৈ নামি আহে ঘোৰ অমানিশা।

Also Read: NSCN-IM on peace talk কিয় নতুন প্ৰধান মধ্যস্থতাকাৰীকলৈয়ো সন্তুষ্ট নহয় নগা বিদ্ৰোহী?

দিনটো পৰিয়ালটোৰ মহিলা সকলে ভয়ে ভয়ে কাম কাজ কৰিলেও নিশাৰ ভাগত পুৰুষ সকলে ৰখি থাকিব লাগে মহিলা সকলক।

সম্পূৰ্ণ ভীতিবিহ্বল হৈ পৰিয়ালটোৱে সময় কটাইছে।।

এতিয়া ডাঙৰ প্ৰশ্ন হ’ল এই বিজ্ঞানৰ যুগত এয়া ভূত নে অইন কোনো দুষ্ট শক্তি?

বিষয়টোৰ মীমাংসা নোহোৱালৈকে ভুক্তভোগী পৰিয়ালটোৱে কিন্তু সহিবলগীয়া হৈছে এক অবাঞ্চিত নিপীড়ন।