NORTHEAST NOW (Assamese)
অসম

কালী পূজা, ষট্ পূজাত মানি চলিব লাগিব কেতবোৰ বিশেষ নিয়ম

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও October 29, 2021 7:30 pm

আগন্তুক কালী পূজা আৰু ষট্ পূজা উদযাপন সন্দৰ্ভত আজি বঙাইগাঁৱৰ পূজা কমিটীসমূহৰ সৈতে জিলা প্ৰশাসনে এক সভাত মিলিত হয় ৷

বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াৰ সভাপতিত্বত কাৰ্যালয়ৰ সভাকক্ষত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা, উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পাৰ্থসাৰথি জহৰী,চক্ৰ বিষয়া ৰুনাভ ৰামছিয়াৰী, ৰীতিমনি দাস, বঙাইগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া পুৰুষোত্তম দাস, অগ্নিনিৰ্বাপক আৰু আপাতকালীন সেৱা বিভাগৰ বিষয়া অমিত বৰ্মন, মহকুমা চিকিৎসা তথা স্বাস্থ্য বিষয়া ডা: মহিবুল ইছলাম আদি কৰি বিভিন্ন বিভাগৰ বিষয়াৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয় ৷

সভাত কালী পূজা আৰু ষট্ পূজা উদযাপন সন্দৰ্ভত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই কমিটীসমূহক কয় যে দুৰ্গা পূজা উদযাপনৰ সময়ত যিবিলাক কোভিড-১৯ বিধি মানি কমিটীসমূহে দুৰ্গা পূজা উদযাপন কৰিছিল সেইবিলাক বিধি কালী পূজা আৰু ষট্ পূজা উদযাপনতো মানিব লাগিব।

সামাজিক দূৰত্ব মানিব লাগিব। কোভিড টিকা গ্ৰহণ কৰা প্ৰমাণপত্ৰ লগত নিব লাগিব।

শিশুসকলক পূজাথলীলৈ নিয়াৰ পৰা বিৰত থাকিব লাগিব।স্বেচ্ছসেৱক নিয়োগ কৰিব লাগিব।পূজাথলীত অধিক লোকৰ সমাগম হ’ব নোৱাৰিব।

অগ্নিনিৰ্বাপক সামগ্ৰী পূজা থলীত মজুত ৰাখিব লাগিব আৰু প্ৰশাসনে নিষেধ কৰা ফটকা ফুটাব নোৱাৰিব।

প্ৰশাসনৰ তৰফৰ পৰা বান্ধি দিয়া বিধিসমূহ উলংঘা কৰিলে বিহিত ব্যৱস্থা লোৱা হ’ব বুলিও উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই স্পষ্ট কৰি দিয়ে।

প্ৰয়োজন সাপেক্ষে সংশ্লিষ্ট চক্ৰ বিষয়াৰ পৰা কালী পূজা আৰু ষট্ পূজা উদযাপনৰ বিধিসমূহ পূজা কমিটীয়ে জানি ল’ব পাৰিব বুলিও কয়৷