NORTHEAST NOW (Assamese)
অসম

Aryan Khan walks out : ২৬দিনৰ অন্তত জে’লৰ বাহিৰলৈ আৰিয়ান; মন্নতত আদৰিলে শ্বাহৰুখ-গৌৰীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 30, 2021 12:15 pm
Aryan Khan back home

Aryan Khan walks out অৱশেষত সুদীৰ্ঘ ২৬ দিনৰ মূৰত জে’লৰ পৰা বাহিৰলৈ ওলাল শ্বাহৰুখ পুত্ৰ আৰিয়ান খান। দেৱালীৰ পূৰ্বে শ্বাহৰুখ খানৰ অট্টালিকা মন্নতত এতিয়া পোহৰ দেখা যাব। ঘৰৰ ল’ৰা ঘৰলৈ ওভতাৰ আনন্দত সজাই তোলা হ’ল চৌপাশ।

মুম্বাইৰ আৰ্থাৰ ৰোড জে’লৰ পৰা কাৰাবন্দীৰ জীৱন কটাই জামিন লাভ কৰি শনিবাৰে জে’লৰ পৰা ওলাই আহিল আৰিয়ান খান।

অনুৰাগী, ফটোগ্ৰাফাৰৰ ভিৰ ফালি পোনে পোনে ৰখাই থোৱা ৰেঞ্জ ৰ’ভাৰ গাড়ীৰ পিনে যায় আৰিয়ান। তাৰপাছতে ঘৰ অভিমুখে যাত্ৰা কৰে। অৱশ্যে আৰিয়ানৰ সৈতে দেখা পোৱা নগ’ল শ্বাহৰুখ খানক।

ইপিনে শ্বাহৰুখৰ অট্টালিকা মন্নতত আৰিয়ানক পিতৃ শ্বাহৰুখ আৰু মাতৃ গৌৰীয়ে আদৰি নিয়ে।

আৰিয়ান ঘৰলৈ উভতি নাহিলে মন্নতত দেৱালীৰ চাকি নজলিব। পুত্ৰৰ আবদাৰৰ ক্ষীৰো বনোৱা নহ’ব। এইদৰে পণ লৈছিল মাতৃ গৌৰীয়ে।

জানিব পৰা মতে, দুদিন পাছতেই শ্বাহৰুখৰ জন্মদিন। আৰিয়ানে মুক্তি পোৱাৰ অনিশ্চয়তাৰ মাজতে শ্বাহৰুখে অনুৰাগীসকলক ঘৰৰ বাহিৰত ভিৰ নকৰিবলৈকো আহ্বান জাইছিল।

কিন্তু সেই সকলো উদ্বেগ কাটি কৰি পিতৃৰ জন্মদিনৰ দুদিন পূৰ্বে আৰিয়ান আহি ঘৰত উপস্থিত হ’ল। এতিয়া অনুৰাগীৰ আশীৰ্বাদেৰে শ্বাহৰুখে আৰিয়ানৰ উপস্থিতিত জন্মদিনো হয়তো আনন্দেৰে উদযাপন কৰিব পাৰিব।