NORTHEAST NOW (Assamese)
অসম

Dare to Rebel সেনা বাহিনীত যোগ নিদিয়াৰ বাবে তিনিবাৰকৈ জে’ললৈ যাবলগীয়া হ’ল ইজৰাইলৰ যুৱতী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 1, 2021 11:55 am
sahar petarus

Dare to Rebel ইজৰাইলৰ বেছিভাগ বাসিন্দাই কমেও দুবছৰৰ বাবে হ’লেও বাধ্যতামূলকভাৱে সেনাবাহিনীত যোগদান কৰিব লাগে।

কিন্তু এই নীতি অমান্য কৰিছিল চাহাৰ পিৰটেছ নামৰ এগৰাকী ইজৰাইলী যুৱতীয়ে। যাৰ বাবে যুৱতীগৰাকীয়ে তিনিবাৰ জে’ল খাটিবলগীয়া হৈছে।

অৱশ্যে, ইজৰাইলত বহু নাগৰিক আছে যিয়ে শাৰীৰিক, চিকিৎসাজনিত তথা ধৰ্মীয় কাৰণ দেখুৱাই সামৰিক বাহিনীত যোগদান নকৰে।

পিচে ইজৰাইলী যুৱতী চাহাৰে সামৰিক বাহিনীত যোগদান নকৰাৰ বাবে দেখুওৱা কাৰণটোহে মানি ল’বলৈ আগ্ৰহী নহয় ইজৰাইল চৰকাৰৰ প্ৰশাসন।

Also Read: মহিন্দ্ৰাৰ পৰা বিশেষ SUV পালে অলিম্পিকত স্বৰ্ণজয়ী নীৰজ চোপ্ৰাই; CSKই দিলে ১ কোটি টকা

চাহাৰৰ বক্তৱ্য হ’ল গাজা তথা পশ্চিমাঞ্চলত লাখ লাখ লোকৰ ওপৰত সেনাবাহিনীয়ে নিৰ্যাতন চলায়। সেয়ে, কোনোবাই বিশ্বাসঘাতক বুলি ক’লেও সেয়া খাতিৰ নকৰে তেওঁ। মুঠতে চাহাৰে ইজৰাইলৰ দখলদাৰিত্ব মানি নলয়।

বাতৰি অনুসৰি, শেহতীয়াকৈ চাহাৰে ইজৰাইলৰ সামৰিক কাৰাগৰত ১৮ দিন কটাই ওলাই আহিছে।

ইপিনে, জে’লৰ পৰা ওলোৱাৰ পাছত চাহাৰৰ পিতৃ-মাতৃয়ে তেওঁক আগবঢ়াই অনাৰ লগতে তেওঁৰ সিদ্ধান্তকো আদৰণি জনাইছে।