NORTHEAST NOW (Assamese)
দেশ

জিন্নাক গান্ধী-পেটেলৰ সৈতে একেশাৰীত ৰাখিলে অখিলেশ যাদৱে,ক’লে “স্বাধীনতাৰ বাবে একেলগে যুঁজিছিল তেওঁলোকে”

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 1, 2021 2:29 pm
Akhilesh Yadav on Jinnah

এইবাৰ মহম্মদ আলি জিন্নাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ। আনকি পাকিস্তানৰ জন্মদাতা জিন্নাৰ স’তে মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভভাই পেটেলকো তেওঁ একেশাৰীতে ৰাখে।

অখিলেশে কয় যে তেওঁলোকে একেলগে ভাৰতৰ স্বাধিনতাৰ বাবে যুঁজ দিছিল। দেওবাৰে তেওঁ উত্তৰপ্ৰদেশৰ হাৰদৈৰ এখন ৰাজহুৱা সভাত জিন্নাক প্ৰশংসা কৰি এই ভাষ্য প্ৰদান কৰাৰ পাছতে ব্যাপক চৰ্চা হৈছে।

সভাখনত তেওঁ আৰএছএছকো আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে লৌহ মানৱ চৰ্দাৰ পেটেলে আৰএছএছৰ আদৰ্শক নিষিদ্ধ কৰিছিল।

অখিলেশ যাদৱৰ এই ভাষ্যৰ পাছতে তেওঁক বিজেপিয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিজেপিয়ে কৈছে যে সমগ্ৰ দেশে জিন্নাক দেশ বিভাজনকাৰী শত্ৰু হিচাপে গণ্য কৰি আহিছে। তেনে স্থলত জিন্নাক স্বাধিনতা আন্দোলনৰ বীৰ বুলি আখ্যা দিয়াটো মুছলিম তোষণৰ এক ৰাজনীতিৰ বাদে একো নহয়।