NORTHEAST NOW (Assamese)
Popular Stories

প্ৰথম প্ৰেমে যদি সঁহাৰি নাপায়…,পন্থ সুস্থ হোৱাৰ পিছত আকৌ উৰ্বশীৰ কটাক্ষ! “প্ৰেম দৰাচলতে…”

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 10, 2024 9:02 am
প্ৰথম প্ৰেমে যদি সঁহাৰি নাপায়…,পন্থ সুস্থ হোৱাৰ পিছত আকৌ উৰ্বশীৰ কটাক্ষ! “প্ৰেম দৰাচলতে…”

উৰ্বশী ৰাউটেলাৰ ঋষভ পন্থৰ প্ৰতি থকা প্ৰেম নতুন কথা নহয়! ২০২২ চনৰ ডিচেম্বৰ মাহত ক্ৰিকেটাৰগৰাকীক ভয়ংকৰ দুৰ্ঘটনাৰ পিছত তেওঁৰ চিকিৎসালয়ৰ বাহিৰত দেখা গৈছিল। যদিও পন্থে কেতিয়াও তেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা নগ’ল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত উৰ্বশীয়ে ‘একপক্ষীয় প্ৰেম’ৰ বিষয়ে স্পষ্টভাৱে কৈছে। আকৌ এবাৰ কটাক্ষ কৰিছে ঋষভক?

তেওঁৰ ভাষাত, “মই ভাবো প্ৰেম এনেকুৱা বস্তু যিটো কেতিয়াও একপক্ষীয় হ’ব নোৱাৰে। দুয়োফালৰ পৰা হ’ব লাগে। আৰু মই ভাবো বিবাহ এটা সুন্দৰ বস্তু। মোৰ বাবে বিয়া এনে এক মধুৰ সম্পৰ্ক য’ত দুয়োজনৰ প্ৰতি দুয়োজনৰ প্ৰেম অটুট থাকে।”

লগতে পঢ়কঃ নতুন জল্পনা-কল্পনাৰ সৃষ্টি কৰি দিল্লীত জগনমোহন! নিৰ্বাচনী বতৰত মোডীৰ সৈতে বৈঠক অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ

তেওঁ লগতে কয়, ‘দুয়োজন মানুহে একেলগে জীৱনৰ বাট পাৰ হ’ব লাগে। দুজন মানুহৰ মাজত বিশ্বাসো অতি গুৰুত্বপূৰ্ণ। প্ৰয়োজন সন্মানৰো।”

উৰ্বশীৰ জীৱনত বিভিন্ন সময়ত বহু বিতৰ্কৰ সৃষ্টি হৈছে। ক্ৰিকেটৰ সৈতে তেওঁৰ সম্পৰ্ক আজিৰ নহয়। বহু দিনৰ পৰা। তেওঁৰ নাম ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্থৰ সৈতে বাৰে বাৰে জড়িত হৈ আহিছে। কিন্তু এয়াই শেষ নহয়, পাকিস্তানী ক্ৰিকেটাৰ নাছিম শ্বাহো এই চৰ্চাৰ লগত জড়িত।

লগতে পঢ়কঃ তুংগত সংঘাত! ছচিয়েল মিডিয়াত ইজনে সিজনক আনফ’ল’ কৰিলে হাৰ্দিক-ৰোহিতে?

পন্থ আৰু নায়িকাৰ ‘প্ৰেম কাহিনী’ তিক্ত হৈ পৰিছে আৰু বহু অনাকাংখিত মুহূৰ্তও সংঘটিত হৈছে। যদিও অভিনেত্ৰীগৰাকীয়ে এতিয়া আৰু পোনপটীয়াকৈ পন্থৰ নাম লোৱা দেখা পোৱা নাযায়। অৱশ্যে এই সাক্ষাৎকাৰৰ জৰিয়তে তেওঁ মনৰ বহু কথা বুজাই দিলে। বুজাই দিলে অন্তৰৰ নিভৃত কোণত লুকাই থকা প্ৰেম-ভালপোৱাৰ কথা!