• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন জল্পনা-কল্পনাৰ সৃষ্টি কৰি দিল্লীত জগনমোহন! নিৰ্বাচনী বতৰত মোডীৰ সৈতে বৈঠক অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2024 8:07 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলেগু দেশমৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৰ পিছত এইবাৰ দিল্লীত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা ৱাই এছ আৰ কংগ্ৰেছৰ সভাপতি জগনমোহন ৰেড্ডী। শুকুৰবাৰে পুৱা জগনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়লৈ গৈ তেওঁৰ সৈতে বৈঠকত মিলিত হয়। অন্ধ্ৰ মুখ্যমন্ত্রীয়ে কয় যে তেওঁ নিজৰ ৰাজ্যৰ বাবে ‘বিশেষ মৰ্যাদা’ বিচাৰি প্রধানমন্ত্রীৰ ওচৰলৈ আহিছিল৷

কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে জগনৰ দিল্লী ভ্ৰমণে ‘ৰাজনৈতিক মাত্ৰা’ লাভ কৰিছে। উল্লেখ্য যে শুকুৰবাৰেই মোদীয়ে অন্ধ্ৰৰ নেতা প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওলৈ মৰণোত্তৰ ভাৰতৰত্ন বঁটা ঘোষণা কৰে।

ইপিনে, অন্ধ্ৰৰ ৰাজনীতিত জগনৰ মূল প্ৰতিদ্বন্দ্বী তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে বুধবাৰে নিশা দিল্লী ভ্ৰমণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। অন্ধ্রৰ প্রাক্তন মুখ্যমন্ত্রী চন্দ্রবাবুৱে ছবছৰৰ পাছত বিজেপি নেতৃত্বাধীন এন ডি এলৈ ঘূৰি আহিব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে৷

Apply Now

লগতে পঢ়কঃ প্ৰাণ নাশৰ আতংক! বিমানৰ জৰুৰীকালীন দ্বাৰ খোলাৰ চেষ্টা যাত্ৰীৰঃ গোচৰ ৰুজু

ইতিমধ্যে তাত শাসকীয় ৱাইএছআৰ কংগ্ৰেছক পৰাস্ত কৰিবলৈ টিডিপিয়ে তেলেগু অভিনেতা-ৰাজনীতিবিদ পৱন কল্যাণৰ জনসেনা পাৰ্টিৰ সৈতে হাত মিলাইছে। একাংশ জনমত সমীক্ষাত ইতিমধ্যে দাবী কৰা হৈছে যে বিজেপিয়েও মিত্ৰতাত যোগদান কৰিলে জগনৰ ক্ষতিৰ সম্ভাৱনা আছে।

আনহাতে, লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ এপ্ৰিল-মে’ মাহত অন্ধ্ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে জগনমোহনৰ ভগ্নী শৰ্মিলাই ইতিমধ্যে কংগ্ৰেছত যোগদান কৰি ৰাজ্যিক সাংগঠনিক মুৰব্বীৰ দায়িত্ব লাভ কৰিছে। ৰাজনৈতিক বিশ্লেষকৰ এটা অংশৰ মতে কংগ্ৰেছে ক্ষমতা দখল কৰাত ব্যৰ্থ হ’লেও প্ৰয়াত মুখ্যমন্ত্ৰী ৱাই এছ ৰাজশেখৰ ৰেড্ডীৰ কন্যাক প্ৰক্ষেপ কৰি এইবাৰ জগনৰ দলৰ ভোটবেংকত বিভাজন আনিব পাৰে। সেই ক্ষেত্ৰত লাভৱান হ’ব চন্দ্ৰবাবু নাইডু।

লগতে পঢ়কঃ তুংগত সংঘাত! ছচিয়েল মিডিয়াত ইজনে সিজনক আনফ’ল’ কৰিলে হাৰ্দিক-ৰোহিতে?

সেই শংকাৰ পৰা হাত সাৰিবলৈকে অন্ধ্রৰ মুখ্যমন্ত্রী হঠাৎ মোডীৰ ‘দৰবাৰ’ত উপস্থিত হ’ল নেকি তাক লৈ চৰ্চা আৰম্ভ হৈছে৷ কিন্তু যোৱা ডেৰ দশকত অন্ধ্ৰত লোকসভা-বিধানসভাৰ প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে ‘বিশেষ ৰাজ্যৰ মৰ্যাদা’ৰ বিষয়টো ৰাজনৈতিকভাৱে তুলি ধৰাৰ দৃষ্টান্ত দেখা গৈছে।

উল্লেখ্য ২০০৯ চনত হেলিকপ্টাৰ দুৰ্ঘটনাত অবিভক্ত অন্ধ্ৰৰ তদানীন্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰাজশেখৰ ৰেড্ডীৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ লগে লগে খালী হোৱা কৰপ্পা জিলাৰ পুলিভেণ্ডুলা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত তেওঁৰ পত্নী বিজয়ম্মাই জয়লাভ কৰে।

লগতে পঢ়কঃ মহান নিদৰ্শনঃ কৰ্কট ৰোগত মৃত্যু হোৱা কবিতা ভূঞা খাউণ্ডৰ মৰণোত্তৰ দেহদান

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে মতানৈক্যৰ বাবে ৰাজশেখৰ-পুত্ৰ জগনে ২০১১ চনত নতুন দল ৱাই এছ আৰ কংগ্ৰেছ গঠন কৰিছিল। সেই সময়ত মাক বিজয়ম্মা আৰু ভগ্নী শৰ্মিলাক তেওঁৰ কাষতে পোৱা গৈছিল। পিছত দুয়োৰে মাজৰ দূৰত্ব বাঢ়ি আহিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd