• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহান নিদৰ্শনঃ কৰ্কট ৰোগত মৃত্যু হোৱা কবিতা ভূঞা খাউণ্ডৰ মৰণোত্তৰ দেহদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2024 3:43 pm
Posthumous body donation Elora Vigyan Mancha
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰায় ৪৫ বছৰ বয়সত বৃ্হস্পতিবাৰে মৃত্যু হয় ঢেকিয়াজুলিৰ সমীপৰ বালিশিহা অঞ্চলৰ নিবাসী কবিতা ভূঞা খাউণ্ডৰ। ইয়াৰ পিছতে মৃত খাউণ্ডৰ পৰিয়ালে দাঙি ধৰে এক মহান নিদৰ্শন।

কালি সন্ধিয়া তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ এনাটমী বিভাগত ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সহযোগত কবিতা ভূঞা খাউণ্ডৰ মৰণোত্তৰ দেহদান সম্পন্ন হৈ যায়।

Apply Now

মৃত কবিতা ভূঞা খাউণ্ডে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে শেষ ইচ্ছা-পত্ৰত স্বাক্ষৰ কৰা নাছিল যদিও মৰণোত্তৰ দেহদান কৰাটো জীৱিত কালত তেখেতৰ শেষ ইচ্ছা আছিল। তেখেতৰ পুত্ৰ নৱাৰুণ খাউণ্ড তথা ভাতৃ নৱজিৎ ভূঞাৰ লগতে পৰিয়ালবৰ্গও তেখেতৰ দেহদানৰ ক্ষেত্ৰত যথেষ্ট তৎপৰ হয়।

এইখিনিতে উল্লেখযোগ্য যে মৃতকৰ ভাতৃ নৱজিৎ ভূঞা ইলোৰা বিজ্ঞান মঞ্চৰ আজীৱন সদস্য হোৱাৰ লগতে মঞ্চৰ জামুগুৰিহাট শাখাৰ সৈতে জড়িত।

তেখেতৰ মৃতদেহ দান কাৰ্যসূচী সম্পন্ন হোৱাৰ সময়ত তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ এনাটমী বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ এনী দলেৰ লগতে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ নৱনিৰ্বাচিত সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মীৰা জয়ছোৱাল চুণ্ডী, সম্পাদক প্ৰজিত নাথ, সহকাৰী সম্পাদক কাবেৰী ডেকা নাথ আৰু শাখাৰ নৱনিৰ্বাচিত কোষাধ্যক্ষ গড়মাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান-শিক্ষক সুবোধ তালুকদাৰ আৰু মৃতকৰ পুত্ৰ নৱাৰুণ খাউণ্ড, ভাতৃ নৱজিৎ ভূঞাৰ উপৰিও মৃতকৰ পৰিয়ালটিৰ তথা অঞ্চলটোৰ বহুকেইজন লোক উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে।

ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ বিষয়-ববীয়াসকল উক্ত মৰণোত্তৰ দেহদানৰ কাৰ্যসূচীত উপস্থিত থাকি প্ৰয়াত কবিতা ভূঞা খাউণ্ডক শ্ৰদ্ধা জনোৱাৰ লগতে তেখেতৰ সমূহ পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু প্ৰয়াত কবিতা ভূঞা খাউণ্ডৰ লগতে তেখেতৰ পৰিয়ালবৰ্গৰ এই বিজ্ঞানমনস্ক তথা প্ৰগতিশীল মনোভাৱক সন্মান জনায়।

তেখেতৰ এই মহৎ দেহদান কাৰ্যৰ ফলস্বৰূপে তেখেত চিৰস্মৰণীয় হৈ ৰ’ব। পৃথিৱীয়ে তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd