ইচ্ছামতে সাজ-পোছাক পিন্ধাৰ দিন শেষ হ’ল! ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে লৈ আনিছে অসমত চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন পোছাক বিধি। অৱশ্যে এই আদেশ কেৱল ৰাজ্যিক সচিবালয় ‘জনতা ভৱন’ত কৰ্মৰতসকলৰ বাবেহে, সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে নহয়।
এই নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ আছে যে সচিবালয়ত কৰ্মৰত কোনোৱেই জিন্স, টি-চাৰ্ট বা চেণ্ডেল পিন্ধি কাৰ্যালয়লৈ আহিব নোৱাৰিব। খবৰ অনুসৰি শুকুৰবাৰৰ পৰা এই ড্ৰেছ কোড কাৰ্যকৰী হৈছে।
কিন্তু কিয় এই নতুন নিৰ্দেশনা? সাধাৰণ প্ৰশাসন বিভাগে জনাইছে যে একাংশ কৰ্মচাৰীয়ে এনে কাপোৰ পিন্ধি কাৰ্যালয়লৈ আহে, যিটো উপযুক্ত নহয়। ইয়াৰ ফলত চৰকাৰী কৰ্মচাৰীৰ ভাবমূৰ্তি বিনষ্ট হৈছে। ই চৰকাৰৰ বাবে এক লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে।
সাধাৰণ প্ৰশাসনে কয় যে কৰ্মচাৰীসকলে ‘শালীনতা’, ‘পেছাদাৰীতা’ আৰু ‘ভদ্ৰ আচৰণ’ প্ৰতিফলিত কাপোৰ পিন্ধি কাৰ্যালয়লৈ আহিব লাগিব।
উপ-সচিব মানস জ্যোতি বৰুৱা স্বাক্ষৰিত নিৰ্দেশ অনুসৰি পুৰুষে ফৰ্মেল পেন্ট আৰু চাৰ্ট বা ভাৰতীয় পৰম্পৰাগত কাপোৰ যেনে কুৰ্তা, ধূতি আৰু পাইজামা পিন্ধিব পাৰিব। আনহাতে মহিলাসকলকো ছালৱাৰ, শাৰী বা মেখেলা-চাদৰ পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। লেগিংছ, জিন্স, টি-চাৰ্টৰ দৰে সাজ-পোছাক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
ইয়াতেই শেষ নহয়। কৰ্মচাৰীসকলক পৰিষ্কাৰ আৰু পাতল ৰঙৰ কাপোৰ পিন্ধিবলৈও নিৰ্দেশ দিয়া হৈছে। আনহাতে, জোতা পিন্ধাৰ সন্দৰ্ভতো বিশেষ নিৰ্দেশনা দিয়া হৈছে। কোৱা হৈছে যে কাৰ্যালয়ৰ পৰিৱেশৰ লগত খাপ খোৱা জোতা পিন্ধিব লাগে। কোনো কাৰণতে চেণ্ডেল পিন্ধি অফিচলৈ আহিবলৈ দিয়া নহ’ব। নিৰ্দেশ উলংঘা হ’লে সংশ্লিষ্ট কৰ্মচাৰীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নিৰ্দেশত উল্লেখ কৰা হৈছে।
অৱশ্যে এনে নিৰ্দেশনা নতুন নহয়, ইয়াৰ আগেয়েও ২০১৭ চনত চৰকাৰ তথা সাধাৰণ প্ৰশাসন বিভাগে সচিবালয়ৰ বিষয়া-কৰ্মচাৰীৰ বাবে এনেধৰণৰ আহবান দিছিল। যদিওবা সেয়া বিভাগীয় নিৰ্দেশ নাছিল। স্বেচ্ছামূলকভাবে মাহৰ দ্বিতীয় আৰু তৃতীয় শনিবাৰৰ দিন দুটাত তেনে সাজপাৰ পৰিধান কৰিবলৈ কোৱা হৈছিল। কিন্তু দুদিনমান তেনে চমক দেখাৰ পিছত তাৰ আৰু উমঘাম দেখা নগ’ল।
সেইদৰে, ২০২৩ চনৰ মে মাহত শিক্ষা বিভাগে আৰু সেই বৰ্ষৰে আগষ্ট মাহত উচ্চ শিক্ষা বিভাগে এক নিৰ্দেশনাযোগেও চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় আদিত শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে এক নিৰ্দিষ্ট সাজপোছাক বিধি মানি চলাতো বাধ্যতামূলক কৰিছিল। সেয়া পিছে সকলো ফুটুকাৰ ফেন হ’ল।
সেয়ে, ৰাজ্যৰ বিভিন্ন জলন্ত সমস্যাৰ কথা পাহৰাই ৰাখিবলৈ আৰু জনসাধাৰণৰ মন অন্য দিশলৈ আকৰ্ষণ কৰাৰ এয়া এক প্ৰচেষ্টা বুলিহে বহুতে ক’ব খোজে। এইবাৰৰ এই নিৰ্দেশনাৰ প্ৰতিফলনো সেয়েহে কিমান দিনলৈ দেখা পোৱা যায় সেয়া লক্ষ্যণীয় হ’ব।


