NORTHEAST NOW (Assamese)
অসম

ED Arrests Former Maharashtra Home Minister দুৰ্নীতিৰ অভিযোগত মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক গ্ৰেপ্তাৰ EDৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 2, 2021 8:05 am
Anil Deshmukh

ED arrests former Maharashtra home minister বিত্তীয় কেলেংকাৰীৰ অভিযোগত মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰেট (ইডি)য়ে গ্ৰেপ্তাৰ কৰিছে। নিশাই দেশমুখক গ্ৰেপ্তাৰ কৰা হয়।

এনচিপিৰ নেতাগৰাকীক সোমবাৰে মুম্বাইৰ ইডিৰ কাৰ্যালয়লৈ তলব কৰা হৈছিল। তাত ইডিৰ বিষয়াসকলে প্ৰায় ১২ ঘন্টা জেৰা কৰাৰ পাছত দেশমুখক গ্ৰেপ্তাৰ কৰে।

দেশমুখৰ বিৰুদ্ধে অবৈধ ধনৰ লেনদেন কৰাৰ লগতে মুম্বাইৰ শীৰ্ষ আৰক্ষী বিষয়াৰ জৰিয়তে ধন আদায় কৰাৰ অভিযোগ আছে।

উক্ত অভিযোগসমূহক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পাছতে চলিত বছৰতে দেশমুখে মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰিত্বৰ পদ ত্যাগ কৰে।

Also Read: Man-Elephant conflict তীব্ৰতৰ হৈছে হাতী মানুহৰ সংঘাত; কৃষ্ণাইত বনৰীয়া হাতীৰ গচকত প্ৰাণ গ’ল আৰু এজনৰ

তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ হোৱাৰ পাছত জেৰাৰ বাবে ইডিৰ চমন এৰাই চলিবলৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থও হৈছিল দেশমুখ। কিন্তু শুকুৰবাৰে আদালতে তেওঁৰ আবেদন খাৰিজ কৰে।

বৰ্তমান ৭১ বছৰীয়া নেতাগৰাকীয়ে আৰক্ষীৰ জৰিয়তে ধন আদায়ৰ অভিযোগ অস্বীকাৰ কৰি আহিছে যদিও শেষ ৰক্ষা নহ’ল।

আৰক্ষীৰ এগৰাকী প্ৰাক্তন শীৰ্ষ বিষয়া পৰমবীৰ সিঙে অভিযোগ কৰিছিল যে আৰক্ষীক ব্যৱহাৰ কৰি দেশমুখে প্ৰতি মাহে ১০০ কোটি টকা সংগ্ৰহ কৰিছিল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেকো পত্ৰ দিছিল আৰক্ষী বিষয়াগৰাকীয়ে।