• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Man-Elephant conflict তীব্ৰতৰ হৈছে হাতী মানুহৰ সংঘাত; কৃষ্ণাইত বনৰীয়া হাতীৰ গচকত প্ৰাণ গ’ল আৰু এজনৰ

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
November 2, 2021 7:10 am
Screenshot_2021-10-31-14-51-19-06_f2cb81fb7cf38af7978f186f2a61634a

গুলু ফুটাই বনৰীয়া হাতী খেদাৰ চেষ্টা বন বিভাগৰ। ফটো: নৰ্থইষ্ট নাও।

4.2k
VIEWS
Share on FacebookShare on Twitter

Man-Elephant conflict সঁজাল ধৰা ধান খেতিত জাক জাক বন্যহস্তীৰ বিচৰণ ৷ উদৰ পুৰাই খাইছে ইখনৰ পিছত সিখন ধাননি পথাৰৰ পকা ধানবোৰ৷ বাৰিষাৰ কঠোৰ শ্ৰমৰ অন্তত পকিবলৈ ধৰা খেতি ডৰাৰ এই অৱস্থা দেখি মূৰে কপালে হাত দিব লগা হৈছে কৃষক সকলে ৷

হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰা সময়তো নিৰৰ চৰকাৰ-প্ৰশাসন তথা বন বিভাগ৷ হাতী-মানুহৰ সংঘাত প্ৰশমিত কৰাৰ নাই কোনো আচঁনি চৰকাৰ  অথবা বন বিভাগৰ ওচৰত।

এতিয়া গোৱালপাৰাৰ জিলাৰ দহিকটা, ধাইগাও, মোৱামৰীয়া , শিমলাবাৰী , গুৰীয়া আদি কৰি অৰ্ধ শতাধিক গাওঁৰ এক সুলভ দৃশ্য হৈ পৰিছে বন্যহস্তীৰ জাক৷ যেনিয়েই চায় তেনিয়েই জাক জাক হাতী৷

বিগত তিনিদিন ধৰি দহিকটা বনাঞ্চলত আছে বন্যহস্তীৰ এটা বৃহৎ জাক। পোহৰ হোৱাৰ লগে লগে ধাননি পথাৰত চলায় তাণ্ডৱ৷ প্ৰায় ২৫/৩০জনীয়া এটা হাতীৰ জাকে দিন দুপৰতে ধান খাই তহিলং কৰিছে কৃষকৰ পকিবলৈ আৰম্ভ কৰা ধান ৷

Also Read: Coronavirus Assam Update ৰাজ্যত নতুনকৈ কোভিডত কিমান আক্ৰান্ত হ’ল; ২৪ ঘন্টাত মৃত্যু কিমানজনৰ?

বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰা বৃহৎ বনৰীয়া হাতীৰ জাকটোৱে ৰাতিপুৱাই পথাৰত প্ৰবেশ কৰি এফালৰ পৰা খাই গচকি নষ্ট কৰিছে ধাননি পথাৰ ৷

হাতীৰ জাকে পথাৰত এনেদৰে ধান খোৱা দৃশ্য দেখি মূৰে-কঁপালে হাত দিছে খেতিয়ক ৷ ইফালে বন বিভাগে দিনতে গুলি ফুটাই হাতী খেদাৰ ব্যৰ্থ চেষ্টা চলাইছে যদিও একো সুফল লাভ কৰা নাই ৰাইজে ৷

আনহাতে, কৃষ্ণাই অঞ্চলত বিগত  তিনিটা দিনত দুটাকৈ বন্যহস্তীৰ আক্ৰমণৰ ঘটনা ৷ এদিন পূৰ্বে বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী বৃদ্ধা নিহত হোৱাৰ এটা দিন পিচতে বন্যহস্তীৰ আক্ৰমণত পুনৰ প্ৰাণ গ’ল এজন লোকৰ ৷

Also Read: ৰাষ্ট্ৰীয় কুংফুত ২৮ টা পদক লাভেৰে শ্ৰেষ্ঠ ‌দল‌ হিচাবে পৰিগণিত অসম‌‌ৰ দল

ধাইগাঁও মোৱামাৰীত এজাক হাতীয়ে মুক্ত বিচৰণ কৰি থকাৰ দৃশ্য চাবলৈ উক্ত ঠাইত ভিৰ কৰিছিল বহু লোকে ৷ তেনেতে জাকৰ পৰা ওলাই অহা এটা হাতীয়ে অতৰ্কিতে মানুহলৈ চোঁচা লয় আৰু এজন লোকক আক্ৰমণ কৰে ৷

হাতীৰ গচকত গুৰুতৰভাৱে আহত হোৱা ধাইগাঁও বিজয়পুৰৰ ইলথিৰা মাৰাক(থিৰা) নামৰ লোকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত লোকজন ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান আছিল ৷

Also Read: NEET Result: ঘোষিত হ’ল চিকিৎসা প্ৰৱেশ পৰীক্ষা, NEET ৰ ফলাফল

উল্লেখ্য যে, ৰাতিপুৱাৰ পৰাই এজাক বনৰীয়া হাতীয়ে বৰঝাৰ বনাঞ্চলৰ সমীপৰ মোৱামাৰীত মুকলিভাৱে অৱস্থান কৰি আছিল ৷ সেই দৃশ্য চাবলৈ পুৱাৰ পৰাই বহু লোকে সমাবেত হৈছিল উক্ত ঠাইত ৷

তাৰ পিচতে মানুহলৈ লক্ষ্যকৰি খেদি অহা হাতীৰ আক্ৰমণত মৃত্যুক আকোঁৱালি লয় এইজন লোকে ৷ 

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd