গুৱাহাটী ক্ৰীড়া সন্থা আৰু অসমৰ জিলা ক্ৰীড়া সন্থাসমূহৰ যুটীয়া উদ্যোগত তথা অসম ক্ৰিকেট সন্থাৰ দ্বাৰা পৃষ্ঠপোষকতাপ্ৰাপ্ত ৭১ সংখ্যক ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী-২০২৬ ফুটবল প্ৰতিযোগিতাৰ ক্লাষ্টাৰ পৰ্যায়ৰ কেইবাখনো গুৰুত্বপূৰ্ণ খেল ১৪ নৱেম্বৰত সম্পন্ন হয়। প্ৰতিযোগিতাখনৰ টুৰ্ণামেণ্ট ডাইৰেক্টৰ পৰেশ চন্দ্ৰ দাসে প্ৰকাশ কৰা অনুসৰি, শনিবাৰে মধ্য অসম, নামনি অসম আৰু বৰাক উপত্যকাৰ কেইবাখনো খেলপথাৰত এই মেচসমূহ অনুষ্ঠিত হয়, য’ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ফুটবল দলসমূহে অংশগ্ৰহণ কৰে।
মধ্য অসম ৰাউণ্ডৰ ক্লাষ্টাৰ ৩ পৰ্যায়ৰ এখন খেল গোলাঘাটৰ হালমিৰা টি ষ্টেট খেলপথাৰত অনুষ্ঠিত হয়। এই মেচখনত কমাৰবন্ধা ছাব স্প’ৰ্টছ এছ’চিয়েশ্যন আৰু কুস্তলী আঞ্চলিক ক্ৰীড়া সন্থা পৰস্পৰৰ মুখামুখি হয়। তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ এই মেচখন ১-১ গ’লত অমীমাংসিতভাৱে সামৰণি পৰে। আনহাতে, নামনি অসম ৰাউণ্ডৰ ক্লাষ্টাৰ ৪ পৰ্যায়ৰ আন এখন মেচ বৰপেটাৰ ৰাম ৰায় ষ্টেডিয়ামত অনুষ্ঠিত হয়, য’ত বাঘাপাৰা চৌমৰাশালি এছ চি চি আৰু মেদাঘাট স্প’ৰ্টছ ক্লাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। এই খেলখনো ১-১ গ’লত ড্ৰ’ হিচাপে সমাপ্ত হয়।
বৰাক উপত্যকা ৰাউণ্ডৰ ক্লাষ্টাৰ ৫ পৰ্যায়ৰ দুখন গুৰুত্বপূৰ্ণ খেল শিলচৰৰ ডি এছ এ ষ্টেডিয়ামত অনুষ্ঠিত হয়। প্ৰথমখন খেলত ভেটেৰান এফ চিয়ে অল জাৰিবন স্প’ৰ্টছ এছ’চিয়েশ্যনক ১০-১ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি একপক্ষীয় বিজয় সাব্যস্ত কৰে। একেখন ষ্টেডিয়ামত অনুষ্ঠিত আনখন মেচত ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিয়ে ৪ এইচ এফ চিক ৪-৩ গ’লৰ ব্যৱধানত পৰাস্ত কৰি খেলপথাৰৰ পৰা বিজয়ী হিচাপে উভতে।
ঐতিহ্যমণ্ডিত এই ফুটবল প্ৰতিযোগিতাখনৰ পৰৱৰ্তী মেচসমূহ পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰিয়েই অনুষ্ঠিত হ’ব বুলি টুৰ্ণামেণ্ট ডিৰেক্টৰ পৰেশ চন্দ্ৰ দাসে সদৰী কৰিছে। ৰাজ্যৰ বিভিন্ন জিলাৰ ফুটবল দলসমূহৰ অংশগ্ৰহণেৰে চলি থকা এই প্ৰতিযোগিতাখনে ক্ৰীড়াপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ৰ খেলসমূহ অধিক প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।





