NORTHEAST NOW (Assamese)
অসম

বহিৰাগত IAS বিষয়াৰ হাতত প্ৰহৃত অসমীয়া পঞ্জীয়ক!

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী November 3, 2021 3:12 pm
IAS officer

বহিৰাগত IAS বিষয়াৰ হাতত প্ৰহৃত অসমীয়া পঞ্জীয়ক!

এই বিস্ফোৰক অভিযোগ তুলিছে খানাপাৰাস্থিত পৰিবহন ভৱনৰ পঞ্জীয়ক প্ৰদীপ সেনাপতিয়ে।

পৰিবহন বিভাগৰ অতিৰিক্ত আয়ুক্ত সাদনেক সিঙৰ হাতত প্ৰহৃত হৈছিল পঞ্জীয়ক প্ৰদীপ সেনাপতি।

সামান্য অজুহাততে অতিৰিক্ত আয়ুক্ত গৰাকীয়ে পঞ্জীয়ক গৰাকীক শাৰীৰিক প্ৰহাৰ কৰাত এতিয়া ক্ষোভিত হৈ পৰিছে কাৰ্য্যালয়ৰ আন আন কৰ্মচাৰীৰ লগতে দল সংগঠন।

বহিৰাগত IAS বিষয়াৰ দপ দপনি নচলিব বুলি হুংকাৰ বিভিন্ন দল সংগঠনৰ। দ্বিতীয় দিনাও প্ৰতিবাদত উত্তাল খানাপাৰাৰ পৰিবহণ বিভাগৰ কাৰ্য্যালয়।

Also Read: caretaker arrested উপকাৰীক অজগৰে খায়! এইবাৰ টিয়কত ‘কেয়াৰ টেকাৰে&; ঘটালে অঘটন

যোৱা সোমবাৰে সংঘটিত হৈছিল এই ঘটনা। তথা কালিৰে পৰা কৰ্মবিৰতি তথা অৱস্থান ধৰ্মঘট কৰিছে সকলো কৰ্মচাৰীয়ে।
পঞ্জীয়ক গৰাকীয়ে উচিত ন্যায় পোৱাৰ দাবী সকলোৰে।

ইপিনে, অতিৰিক্ত আয়ুক্ত ডঃ সাদনেক সিঙৰ বিৰুদ্ধে পঞ্জীয়ক গৰাকীয়ে বশিষ্ঠ আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ।

ইপিনে, এই অভিযোগ উত্থাপিত হোৱাৰ পাছৰে পৰা কাৰ্য্যালয়লৈ অহা নাই এইগৰাকী অতিৰিক্ত আয়ুক্ত।

Also Read: বাকযুদ্ধৰ পৰিল ইতি! কংগ্ৰেছলৈ মিত্ৰতাৰ প্ৰস্তাৱ তৃণমূল কংগ্ৰেছৰ নেতাৰ