NORTHEAST NOW (Assamese)
অসম

গোলাঘাটৰ শান্তিপুৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী,নিৱন্ধকাৰ চামচুল হুছেইনৰ মৃত্যু

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 5, 2021 4:29 pm

গোলাঘাট নগৰৰ শান্তিপুৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী,নিৱন্ধকাৰ চামচুল হুছেইনৰ দেহাৱসান।

ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত আজি দিনৰ প্ৰায় ১১ বজাত মৃত্যু হয় ।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৭২ বছৰ । উল্লেখ্য যে, চামচুল হুছেইন আছিল গোলাঘাটৰ সমাজ জীৱনৰ এগৰাকী অন্যতম অগ্ৰণী ব্যক্তি ।

সাংবাদিকৰূপেও জীৱিত কালত তেওঁ সংবাদ ক্ষেত্ৰখনলৈ সেৱা আগবঢ়াই গৈছে ।

এগৰাকী নিৱন্ধকাৰৰূপেও তেওঁ সাহিত্যৰ ক্ষেত্ৰখনলৈ অৱদান আগঢ়ায় গৈছে।

গোলাঘাট প্ৰেছ ক্লাব সাংবাদিক সন্থাৰ লগত জড়িত থকাৰ উপৰি গোলাঘাট জিলাৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকি জীৱিত কালত তেওঁ নিঃস্বাৰ্থভাবে সামাজিক দায়বদ্ধতা পালন কৰি গৈছে ।

চামচুল হুছেইনৰ মৃত্যৰ বাতৰি পোৱাৰ লগে-লগে গোলাঘাটত গভীৰ শোকৰ ছাঁ পৰে ।

গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি তথা ৰিপ’ৰ্টাৰ লাইভ,অসমৰ মুখ্য সম্পাদক দিগন্ত কুমাৰ ভূঞা,জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দীপেন দত্ত, আছুৰ মুখ্য সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামী,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক জিতুল ৰাজখোৱা, সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি ইমটিয়াজ আহমেদ আদিয়ে চামচুল হুছেইনৰ মৃত্যত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।