NORTHEAST NOW (Assamese)
অসম

Road Accident নগাঁওত পথ দুৰ্ঘটনাত নাবালিকাৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ, নগাঁও Updated by: এন ই নাও নিউজ, নগাঁও November 7, 2021 2:18 pm
UP-road-accident-1-750x375

Road Accident নগাঁওত এগৰাকী নাবালিকাৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুৰ ঘটনা ঘটিছে।

দেওবাৰে পুৱাই সংঘটিত হৈছে এই দুৰ্ঘটনাটো। এখন পৰিবহনৰ গাড়ীয়ে বৈঠালাংছু  অঞ্চলত নাবালিকাগৰাকীক খুন্দিয়াই নিহত কৰে।

দুৰ্ঘটনাটোত কৰুণ মৃত্যুক সাৱটি লোৱা নাবালিকাগৰাকীক ছানিয়া বেগম বুলি চিনাক্ত কৰা হৈছে।

পথ দুৰ্ঘটনাটোত ছোৱালীজনী থিতাতে নিহত হয়।

ছোৱালীজনীক খুন্দিওৱা গাড়ীখনৰ চালকগৰাকী দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ইপিনে, নগাঁও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোৰ সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰিছে।

আনহাতে, নাবালিকাগৰাকীক খুন্দিয়াই নিহত কৰা গাড়ীখন আৰক্ষীয়ে জিম্মাত লৈছে।