NORTHEAST NOW (Assamese)
ম্যানমাৰ

ম্যানমাৰত ৰাজদ্ৰোহ-সন্ত্ৰাসবাদৰ অভিযোগত আমেৰিকাৰ সাংবাদিকক আটক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 10, 2021 5:13 pm
Danny Fenster

সামৰিক শাসিত ম্যানমাৰত ৰাজদ্ৰোহ আৰু সন্ত্ৰাসবাদক উচতনি দিয়াৰ নতুন অভিযোগত গ্ৰেপ্তাৰৰ সন্মুখীন হৈছে এজন মাৰ্কিন সাংবাদিক।

ফ্ৰণ্টিয়াৰ ম্যানমাৰ নামৰ এটা শীৰ্ষ স্বতন্ত্ৰ বাতৰি কেন্দ্ৰৰ পৰিচালনা সম্পাদক হৈ থকা ৩৭ বছৰীয়া ডেনি ফেনষ্টাৰক মে’ মাহত য়াংগনৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দেশৰ বাহিৰলৈ উৰা মাৰিবলৈ চেষ্টা কৰাৰ সময়ত আটক কৰা হৈছিল।

আজি তেওঁৰ ওপৰত নতুনকৈ ৰাজদ্ৰোহ আৰু সন্ত্ৰাসবাদক উচতনি দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে।

ফেনষ্টাৰৰ ওপৰত নতুনকৈ কি অভিযোগ আৰোপ কৰা হৈছিল সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাছিল। ফেনষ্টাৰৰ অধিবক্তা থান জাও অঙে পিছত ফেনষ্টাৰৰ ওপৰত আৰোপিত অভিযোগৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে। লগতে তেওঁ ফেনষ্টাৰৰ মুক্তিৰ ক্ষেত্ৰত আমেৰিক যুক্তৰাষ্ট্ৰৰ ব্যৰ্থতাও উদঙাই দিয়ে।

নতুন অভিযোগত যদি ফেনষ্টাৰ দোষী সাব্যস্ত হয়, তেন্তে তেওঁক সন্ত্ৰাসবাদ আইনৰ অধীনত ২০ বছৰ লৈকে আৰু ৰাজদ্ৰোহৰ বাবে ২০ বছৰলৈকে কাৰাবাস হ’ব পাৰে।

“তেওঁলোকে কিয় অধিক অভিযোগ সংযোগ কৰিছে সেই বিষয়ে আমাৰ কোনো ধাৰণা নাই, কিন্তু এইয়া নিশ্চিতভাৱে সঠিক নহয়।”- অধিবক্তা থান জাও অঙে কয়।

অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই ফেনষ্টাৰৰ মুক্তিৰ বাবে প্ৰচেষ্টা চলাইছে। উল্লেখ্য যে ফেনষ্টাৰৰ ওপৰত প্ৰথমতে ঔপনিৱেশিক যুগৰ বেআইনী সম্পৰ্ক আইনৰ উচতনি আৰু উলংঘনৰ অভিযোগ আৰোপ কৰা হৈছিল। তেওঁক য়াংগনৰ ইনছেইন কাৰাগাৰত বন্দী কৰি ৰখা হৈছে।

ম্যানমাৰ কৰ্তৃপক্ষই শেহতীয়াকৈ জান্তা বিৰোধী প্ৰতিবাদৰ বাবে আটক কৰা বহু অভিযুক্তৰ লগতে ফেনষ্টাৰৰ মুক্তিৰ আবেদন ন্যসাৎ কৰিছিল। আটকাধীন ব্যক্তি সকলৰ মাজত কেইবাজনো সংবাদ মাধ্যমৰ কৰ্মী আছে।

ম্যানমাৰৰ সামৰিক বাহিনীয়ে সংবাদ মাধ্যমৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে, ইণ্টাৰনেট আৰু উপগ্ৰহ সম্প্ৰচাৰৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰিছে আৰু ১ ফেব্ৰুৱাৰীৰ গণ অভ্যুত্থানৰ পিছত বহু সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে। সামৰিক বাহিনীৰ এই কাৰ্যক মানৱ অধিকাৰ সংস্থা সমূহে সত্যৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে।