NORTHEAST NOW (Assamese)
দেশ

বিয়াত বহিবলৈ অমান্তি! ১৮ বাৰ ছুৰিকাঘাত যুৱতীক!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 11, 2021 9:40 am
Man Stabs Woman 18 Times After She Refused To Marry Him

বিয়াত বহিবলৈ অমান্তি হোৱাৰ বাবেই ১৮ বাৰ ছুৰিকাঘাতৰ সন্মুখীন এগৰাকী যুৱতী! আচৰিত হ’লেও এনে এক নৃশংস ঘটনা সংঘটিত হৈছে হায়দৰাবাদত।

বুধবাৰে হায়দৰাবাদত এজন ব্যক্তিয়ে এগৰাকী যুৱতীক ১৮ বাৰ ছুৰিকাঘাত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযুক্ত ব্যক্তি জন যুৱতীগৰাকীৰ প্ৰেমিক আছিল বুলি জানিব পৰা গৈছে। কিছুদিনৰ আগতে যুৱতীগৰাকীয়ে যুৱকজনে আগবঢ়োৱা বিয়াৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ বাবেই যুৱতীগৰাকীক এনে নৃশংস আক্ৰমণ কৰে যুৱকজনে।

হায়দৰাবাদৰ ৰাচাকোণ্ডা কমিছনাৰেটৰ এলবি নগৰ আৰক্ষী থানাৰ সীমাৰ অধীনত হস্তিনাপুৰমত যুৱতীগৰাকীয়ে বাস কৰা কোঠাটিত এই ভয়ানক ঘটনা সংঘটিত হৈছে।

সূত্ৰ অনুসৰি বাসবৰাজ নামৰ অভিযুক্ত ব্যক্তিজনে আক্ৰমণৰ বলি হোৱা যুৱতীগৰাকীৰ দুমাহ আগতে শ্ৰীধৰ নামৰ আন এজন ব্যক্তিৰ সৈতে বাগদান হোৱাৰ বাবে আক্ৰমণাত্মক হৈ পৰিছিল।

দুয়ো যুৱক-যুৱতী বিকাৰাবাদ জিলাৰ দৌলতাবাদৰ বাসিন্দা আৰু তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে।

ভুক্তভোগী যুৱতীগৰাকী বৰ্তমান চিৰিশা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও তেওঁৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত বাসবৰাজক কৰায়ত্ত কৰিছে।