NORTHEAST NOW (Assamese)
অসম

Hardik Pandya বিমানবন্দৰত হাৰ্দিক পাণ্ডিয়াৰ ৫কোটি টকাৰ দুটা বিলাসী ঘড়ী জব্দ কৰিলে কাষ্টমছে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 16, 2021 8:42 am
Hardik Pandiya

Hardik Pandya টী-২০ বিশ্বকাপ প্ৰতিযোগিতাত অংশ লৈ সংযুক্ত আৰৱ এমেৰিটাছৰ পৰা দেশলৈ ওভতাৰ পথত টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক বিমানবন্দৰত আটক কৰা হয়।

ভাৰতীয় কাষ্টমছ বিভাগে বিমানবন্দৰত পাণ্ডিয়াৰ দুটা ঘড়ী জব্দ কৰিছে। বাতৰি অনুসৰি, এই ঘড়ী দুটাৰ মূল্য ভাৰতীয় মুদ্ৰাত ৫কোটি টকা।

জানিব পৰা মতে, এই মহাৰ্ঘ ঘড়ী দুটাৰ কোনো ৰছিদ পাণ্ডিয়াৰ লগত নাই আৰু এই সম্পৰ্কত তেওঁ স্পষ্ট তথ্য দিব পৰা নাই।

ইমান মহাৰ্ঘ ঘড়ী পিন্ধি পুনৰ সমস্যাত পৰিছে তাৰকা ক্ৰিকেটাৰগৰাকী। বিগত কিছুদিন ধৰি বিভিন্ন অভিযোগৰ সন্মুখীন হ’বলগীয়া হৈছে পাণ্ডিয়া।

Also Read: ত্ৰিপুৰাৰ মহিলা সাংবাদিক গ্ৰেপ্তাৰ-জামিন; নিৰপেক্ষ তদন্তৰ আহ্বান গুৱাহাটী প্ৰেছ ক্লাৱৰ

নিজৰ ফিটনেছৰ সমস্যাৰ বাবে খেলত প্ৰভাৱ পৰাৰ লগতে টী-২০ বিশ্বকাপতো ভাল প্ৰদৰ্শন দিব নোৱাৰিলে অলৰাউণ্ডাৰ গৰাকীয়ে। ইয়াৰ বাবেই ঘৰুৱা ছিৰিজত নিউজিলেণ্ডৰ বিৰুদ্ধে স্থান পোৱাতো ব্যৰ্থ হ’ল পাণ্ডিয়া।

খেলপথাৰতে নহয়, এতিয়া খেলপথাৰৰ বাহিৰতো হাৰ্দিক পাণ্ডিয়াই নিতৌ নতুন নতুন সমস্যাৰ মাজত সোমাই পৰা দেখা গৈছে।