NORTHEAST NOW (Assamese)
অসম

HSLC Result: হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ বিশেষ পৰীক্ষাৰ ফলাফল ঘোষণা

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী November 17, 2021 12:11 pm
HSLC and High Madrasa Special Examination Results Announced

আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ বিশেষ পৰীক্ষাৰ ফলাফল।

মুঠ ২২,৮৩৬ গৰাকী পৰীক্ষাৰ্থীয়ে এই বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে আবেদন কৰিছিল। অৱশ্যে ইয়াৰে ১৯,৩০৫ গৰাকী পৰীক্ষাৰ্থীহে অৱতীৰ্ণ হৈছিল বিশেষ পৰীক্ষাত।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৮৮৭৮ গৰাকী পৰীক্ষাৰ্থীৰ বিপৰীতে উত্তীর্ণ হয় ১৩৪২১ গৰাকী পৰীক্ষাৰ্থী।

আনহাতে হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪৯০ গৰাকী পৰীক্ষাৰ্থীৰ ৩৪৯ গৰাকী শিক্ষার্থী উত্তীৰ্ণ হয়।

১ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ ৰাজ্যত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ বিশেষ পৰীক্ষা অনুষ্ঠিত হৈছিল।

হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ বিশেষ পৰীক্ষাৰ ফলাফল ছেবাৰ sebaonline.org ৱেবছাইটত উপলব্ধ হৈছে।

শিক্ষা বিভাগে জানিবলৈ দিয়া মতে, পৰীক্ষাৰ্থীয়ে ছেবাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব মাৰ্কশ্বীট।

উল্লেখ্য যে,ক’ভিদ মহামাৰীৰ দোহাই দি এইবছৰ অসম চৰকাৰে ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা বাতিলৰ নিৰ্দেশ দিছিল আৰু বিকল্প মূল্যাঙ্কণ পদ্ধতিৰ আধাৰত যোৱা ৩০ জুলাইত ফলাফল ঘোষণা কৰা হৈছিল।