NORTHEAST NOW (Assamese)
অসম

আলফা (স্বাধীন)ত যোগদানৰ বাবে যোৱা ৩ যুৱকক আটক আসাম ৰাইফলছৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2021 12:04 pm
257359465_884671692242518_4356535322146765957_n

শেহতীয়াকৈ আলফা (স্বাধীন) আৰু চৰকাৰৰ মাজত আলোচনাক লৈ  বিভিন্ন চৰ্চা চলি থকাৰ মাজতে নিষিদ্ধ বিদ্ৰোহী সংগঠনটোত যোগদানৰ বাবে যোৱা ৩ যুৱকক আটক কৰিছে আসাম ৰাইফলছে।

আসাম ৰাইফলছৰ জোৱানে যুৱক তিনিজনক ভাৰত-ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাৰ পৰা আটক কৰে।

বাতৰি অনুসৰি, বিশেষ সূত্ৰৰ পৰা  লাভ কৰা খৱৰৰ ভিত্তিত মন জিলাৰ এটা বাসগৃহত কেইজনমান যুৱক আশ্ৰয় লৈ থকাৰ তথ্য লাভ কৰাৰ পাছত  ২৭ নং আসাম ৰাইফলছৰ এটা দলে তাত অভিযান চলাইছিল।

আসাম ৰাইফলছৰ অভিযানত আটক যুৱক তিনিজনৰ এজনক ওদালগুৰি জিলাৰ জলহাৰ মহেন্দ্ৰ ডেকাৰ পুত্ৰ বিকাশ ডেকা বুলি চিনাক্ত কৰা হৈছে।

Also Read: Tragic Road Accident গোলাঘাটত বিবাহযাত্ৰী কঢ়িওৱা গাড়ীৰ শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত দুজন

সেইদৰে, আন দুজনৰ এজন যোৰহাট জিলাৰ এজাৰগুৰিৰ সুনীল বৰাৰ পুত্ৰ অৰিন্দম বৰা আৰু আনজন তিনিচুকীয়া জিলাৰ শদিয়াৰ যোগেশ চন্দ্ৰ নেওগৰ পুত্ৰ হিমন্ত নেওগ বুলি চিনাক্ত হৈছে।

ইতিমধ্যে যুৱক তিনিজনক আছাম ৰাইফলছৰ শিবিৰত জেৰা অব্যাহত ৰখা হৈছে। সোমবাৰেই আছাম ৰাইফলছে তেওঁলোকক অসম আৰক্ষীৰ হাতত চমজাই দিয়াৰ সম্ভাৱনা আছে।