NORTHEAST NOW (Assamese)
অসম

Crime in the City পুনৰ মহানগৰীত ৰহস্যজনক হত্যাকাণ্ড! ঘৰৰ ভিতৰতে হানি খুচি হত্যা কৰাৰ সন্দেহ এজন লোকক

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী November 23, 2021 7:16 am
WhatsApp Image 2021-11-23 at 12.23.49 AM

Crime in the City মহানগৰীৰ হাতীগাঁও লখিমী নগৰত সংঘটিত হৈছে এক ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনা। হত্যাৰ বলি লোকজনৰ নাম মিলন ছেত্ৰী।

যোৱা ১৮ তাৰিখৰ পৰা সন্ধানহীন হৈ আছিল লোকজন।

বহুবছৰ ধৰি ম: আতাউৰ ৰহমানৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল মিলন ছেত্ৰী। পেছাত মিলন ছেত্ৰীয়ে ৰঙৰ মিস্ত্ৰী কাম কৰা বুলি জানিব পৰা গৈছে।

প্ৰায়েই পাৰিবাৰিক সংঘাতত লিপ্ত হৈছিল মিলন। তেওঁৰ পৰিয়ালত ল’ৰা এটা, ছোৱালী এজনী আৰু শাহুৱেক লগত থাকে বুলি জানিব পৰা গৈছে।

Also Read: Covid Update ৰাজ্যত ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল কোভিডত; কিমানৰ মৃত্যু?

সোমবাৰে সন্ধিয়া ঘৰ তলা বন্ধ অৱস্থাত আছিল যদিও স্থানীয় লোকে খিৰিকীৰে প্ৰত্যক্ষ কৰে মিলনৰ মৃতদেহ।

স্থানীয় ব্যক্তিৰ পৰা তেওঁৰ বয়স প্ৰায় ৫৫ বছৰ হ’ব বুলি জানিব পৰা গৈছে।

মৃতদেহৰ পেটত আঘাতৰ চিন স্পষ্টৰূপত দেখা পোৱা গৈছে। কোঠাৰ ভিতৰত পোৱা গৈছে তেজৰ চেকুৰা। বৰ্তমান এই ঘটনাতো হত্যাকাণ্ড বুলি কব পাৰি।

Also Read: Teacher Transfer Portal: ৰাজ্যত মুকলি হ’ল শিক্ষকৰ বদলিকৰণৰ পৰ্টেল, কেনেকৈ কৰিব আবেদন?সৱিশেষ

মিলন ছেত্ৰীক হানি খুচি হত্যাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।৫ দিন পূৰ্বে এই হত্যাৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত উদ্ধাৰ হৈছে এখন ডেগাৰ।