NORTHEAST NOW (Assamese)
অসম

Man-Elephant Conflict বাক্সাৰ ভাৰত-ভূটান সীমান্তত অঘটন; বন্যহস্তীৰ আক্ৰমণত নিহত যুৱক

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ November 26, 2021 12:25 pm
Elephant killed man.in Baksa

Man-Elephant Conflict বাক্সাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ ১ নং শান্তিপূৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে অজয় দাস নামৰ এজন যুৱক।

আজি পুৱা প্ৰায় ৬-০০ মান বজাত বন্যহস্তীয়ে হত্যা কৰে যুৱকজনক।

বিগত কেইবাদিনো ধৰি ডেৰ শতাধিক বনৰীয়া হাতীয়ে অঞ্চলটোত বিচৰণ কৰি উপদ্ৰৱ চলাই আহিছে।

বৃহস্পতিবাৰে নিশাও হাতীৰ জাকটোৱে খেতি পথাৰত উপদ্ৰৱ চলাইছিল।

Also Read: Oil tanker gutted in fire বুঢ়াপাহাৰত তেল পৰিবাহী টেংকাৰত ভয়ংকৰ অগ্নিকাণ্ড; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানজঁট

আজি পুৱা অন্য লোকৰ সৈতে হাতী খেদিবলৈ গৈছিল অজয় দাস নামৰ ছল্লিশ বছৰীয়া যুৱকজন।

হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে আক্ৰমণ কৰে অজয়ক আৰু গচকি ঠাইতে নিহত কৰে।

ইতিমধ্যে হাতীৰ জাকৰ বিচৰণক লৈ তীব্ৰ আতংকই বিৰাজ কৰিছে অঞ্চলটোত।

Also Read: Recognition for Social Work বিশ্বনাথৰ ‘ৰুৰেল হেল্থ এণ্ড উই’ স্বেচ্ছাসেৱী সংগঠনলৈ ‘সন্ত ঈশ্বৰ সেৱা এৱাৰ্ড’

তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়।

পৰিয়ালটোক চৰকাৰীভাবে সাহায্য দিয়াৰ কথাও ঘোষণা কৰে বিধায়ক জলেন দৈমাৰীয়ে।